প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ( PM Narendra Modi) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটৰ (Budget) প্ৰশংসা কৰে। বুধবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman)। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বাজেটে ভৱিষ্যতে এখন উন্নত ভাৰতৰ ভেটি স্থাপন কৰিছে।বাজেট দাখিল কৰাৰ পাছত দিয়া ভাষণত মোদীয়ে কয়, “অমৃতকালৰ এই প্ৰথম বাজেটে এখন উন্নত ভাৰত গঢ়ি তোলাৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “দেশৰ গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলৰ মহিলাসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। মহিলাৰ আত্মসহায়ক গোটে সেই ক্ষেত্ৰত সহায় কৰিব। ঘৰতে মহিলাসকলৰ উন্নয়নৰ বাবে এক বিশেষ সঞ্চয় আঁচনি আৰম্ভ কৰা হʼব।”
বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত আয়কৰ ৰেহাইৰ ঘোষণাই চকু কপালত তুলিছিল। বাজেটত আয়কৰ ৰেহাইৰ সীমা ৫ লাখৰ পৰা ৭ লাখলৈ বৃদ্ধি কৰা হৈছে।
তাৰোপৰি কোনোবাই যদি এবছৰত ৯ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে তেন্তে তেওঁ ৪৫ হাজাৰ টকা আয়কৰ দিব লাগিব। যিটো পূৰ্বতকৈ ২৫ শতাংশ কম। ইয়াৰ বাহিৰেও যিসকলৰ বাৰ্ষিক আয় ১৫ লাখ টকা তেওঁলোকে আদায় দিব লাগিব ১.৫ লাখ টকাৰ কৰ। আগতে ১ লাখ ৮৭ হাজাৰ টকা দিবলগীয়া হৈছিল। এই বাজেটৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰীয়ে।