ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ অত্যাধিক সুতৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ মহিলা সকলক ঋণ প্ৰদান কৰি লুণ্ঠন চলাই অহা ডিব্ৰুগড়ত ক্ষুদ্ৰ ব্যত্তিগত বিত্তীয় প্ৰতিষ্ঠান(মাইক্ৰফাইনেঞ্চ) আৰু বেচৰকাৰী বেংকৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল।কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম আদিবাসী ছাত্র সন্থা আৰু বিভিন্ন সংগঠনৰ সহযোগিতাত ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলি পৰা চাৰিকিলোমিটাৰ পথ অতিক্ৰম কৰি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যলয় লৈকে প্ৰায় দহ সহস্ৰাধিক প্ৰতিবাদ কাৰী মহিলাই কপাই তুলিলে ডিব্ৰুগড়ৰ আকাশ বতাহ।ক্ষুদ্ৰ ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠান(মাইক্ৰফাইনেঞ্চ)সমুহে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক, সামাজিক, ও শৈক্ষিক বাতাবৰণ বিনষ্ট কৰাৰ লগতে মহিলা সকল সৰ্বস্বান্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি উলাই আহিল হাজাৰ হাজাৰ মহিলা।

জিলা উপায়ুক্ত কাৰ্যলয় সন্মুখত মানকটা পথ প্ৰায় চাৰি ঘণ্টা অৱৰোধ কৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰিলে পৰিবেশ।ঋণ প্ৰদান কাৰী প্ৰতিষ্ঠান সমুহে সৰলতাৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকক নিয়মাৱলী জ্ঞাত নকৰাকৈ অধিক সুতৰ হাৰ ভাবুকি,দাবী ধমকীৰে সংগ্ৰহ কৰি আহিছে।একেজন ব্যক্তি কে প্ৰলোভন দেখুৱাই কেইবাটাও পযন্ত ঋণ প্ৰদান কৰিছে যদিও নাই কোনো কাৰিকৰী পশিক্ষন।ঋণৰ কৃষ্টি অধিক পৰিমাণে বৃদ্ধি কৰা লগতে এক সপ্তাহৰ ভিতৰতে ঋণৰ কিস্তি বিচাৰি শাৰীৰিক আৰু মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ।

গোটৰ সদস্য সকলক উচতনি দি বয়-বস্তু অধিগ্ৰহণ কৰি আত্মহত্যা কৰাৰ বাবেও ঠেলি দিছে এই সমুহ ঋণ প্ৰদান কাৰী কোম্পানীয়ে। গ্ৰাম্য জীৱনত ইতিমধ্যে ভয়াবহ ভাবে ছানি ধৰা এই সমূহ মাইক্ৰফাইনেঞ্চ কোম্পানীৰ নাকী লগোৱাত চৰকাৰ খন সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি প্ৰতিবাদ কাৰী সকলে তীব্ৰ ক্ষুভ উজাৰে।মাইক্ৰফাইনেঞ্চ কোম্পানীৰ ভয়-ভাবুকি বাবেই ইতিমধ্যে বিভিন্ন প্ৰান্তত কেইবাটাও ঘটনা সংঘটিত হোৱা বুলি প্ৰতিবাদ কাৰী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইবাটাও দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তক।













