![]()
ছাত্ৰী ধৰ্ষণৰ গোচৰত (Student rape case) যাৱজ্জীৱন কাৰাদণ্ড (Life imprisonment) ভুগি আছে যোধপুৰৰ এখন কাৰাগাৰত। ইফালে পুনৰ আন এগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত স্বঘোষিত গুৰু আশাৰাম বাপুক (Asaram Bapu) যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। গুজৰাটৰ গান্ধীনগৰৰ (Gandhinagar in Gujarat) সত্ৰ আদালতে ২০১৩ চনৰ ধৰ্ষণৰ গোচৰত তেওঁক এই শাস্তি প্ৰদান কৰিছিল। আশাৰামক ৫০ হাজাৰ টকা জৰিমনাও বিহা হৈছে।
৮১ বছৰীয়া আশাৰাম এতিয়া যোধপুৰ কাৰাগাৰত (Jodhpur Jail)। তাৰ পৰাই ভিডিঅ’ কলৰ জৰিয়তে তেওঁ শুনানিত যোগদান কৰে।

সোমবাৰে সত্ৰ ন্যায়াধীশ ডি কে ছোনীয়ে আশাৰামক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰে। প্ৰমাণৰ অভাৱত আশাৰামৰ পত্নীসহ ৬জন লোকক দোষমুক্ত কৰে আদালতে। আহমেদাবাদৰ চন্ধেৰা থানাত আশাৰামৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। সেই এফ আই আৰত কোৱা হৈছিল যে ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত আশাৰামে ছাত্ৰীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰিছিল। আহমেদাবাদ চহৰৰ উপকণ্ঠ অঞ্চলৰ নিজৰ আশ্ৰমত বাস কৰিছিল নিৰ্যাতিতা। ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ২(গ) (ধৰ্ষণ), ৩৭৭ (অস্বাভাৱিক অপৰাধ) ধাৰাত আশাৰাম দোষী সাব্যস্ত হোৱা বুলি সোমবাৰে ৰাজহুৱা অভিযুক্তই প্ৰকাশ কৰে। লগতে তেওঁক অবৈধভাৱে আটক কৰাৰ বাবেও দোষী সাব্যস্ত কৰা হয়।
২০১৩ চনৰ অক্টোবৰ মাহত এগৰাকী চুৰাটৰ মহিলাই আশাৰামৰ লগতে আন ৭ জনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। আশ্ৰমত তেওঁক বলপূৰ্বকভাৱে বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে। ২০১৪ চনৰ জুলাই মাহত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল। বিচাৰৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হয়। এইবাৰ আদালতে পুনৰ আজীৱন কাৰাদণ্ড দিলে আশাৰামক। বাকী ৬ জনক দোষমুক্ত কৰা হয়।










