ASSAM TIMES POST
নতুন দিল্লীঃ ডিচেম্বৰৰ আৰম্ভণিতে কেন্দ্ৰই ঘোষণা কৰিব চীফ অৱ ডিফেঞ্চ ষ্টাফৰ নাম। প্ৰাপ্ত তথ্য অনুসৰি, চিডিএছৰ বাবে স্থল, জল আৰু বায়ু সেনাৰ কামাণ্ডাৰ-ইন-চীফ-পৰ্যায়ৰ বিষয়াকে চৰকাৰে মনোনীত কৰিব। ইয়াৰ অৰ্থে ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত এখন ইম্প্লিমেনটেশ্যন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিখনেই প্ৰথম চীফ অৱ ডিফেঞ্চ ষ্টাফ কোন হ’ব তথা চীফ অৱ ডিফেঞ্চ ষ্টাফৰ দায়িত্ব কি হ’ব সেয়া নিৰূপণ কৰিব। উল্লেখ্য যে পূৰ্বে তিনিও সেনাৰ তিনিজন মুৰব্বী আছিল যদিও চীফ অৱ ডিফেঞ্চ ষ্টাফ প্ৰৱৰ্তনৰে তিনিও সেনাৰ মুৰব্বী মাথো এজন হ’ব।












