বিবিচিৰ ‘বিতৰ্কিত’ তথ্যচিত্ৰখন দেশৰ সকলো ছচিয়েল মিডিয়াৰ(Socila Media) পৰা আঁতৰাই পেলাইছে কেন্দ্ৰীয় চৰকাৰে।চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয় উচ্চতম ন্যায়ালয়ে। অহা ৬ ফেব্ৰুৱাৰী সোমবাৰে গ্ৰহণ কৰা হʼব এই গোচৰৰ শুনানি।বিবিচিৰ (BBC ) ‘বিতৰ্কিত’ তথ্যচিত্ৰখন (Documentry) দেশৰ সকলো ছচি
বিজেপি BJP চৰকাৰে তথ্যচিত্ৰখন আঁতৰোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে অধিবক্তা এম এল শৰ্মাই। একেটা বিষয়তে সাংবাদিক এন ৰাম, অধিবক্তা প্ৰশান্ত ভূষণ আৰু তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই পৃথক পৃথক গোচৰ ৰুজু কৰে। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিবাদীসকলৰ বিৰুদ্ধে “উচ্চতম ন্যায়ালয়ৰ মূল্যৱান সময় নষ্ট কৰাৰ” অভিযোগ উত্থাপন কৰে।২০০২ চনৰ গুজৰাট Gujrat আক্ৰমণৰ পটভূমিত নিৰ্মিত এই তথ্যচিত্ৰখন আৰম্ভণিৰে পৰাই বিতৰ্কিত হৈ আহিছে। বিবাদীসকলৰ মতে চৰকাৰ বা ইয়াৰ নীতিক সমালোচনা কৰাৰ অৰ্থ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক খৰ্ব কৰা নহয়।
এই গোচৰৰ শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে।বিবিচিৰ এই তথ্যচিত্ৰখন টুইটাৰ বা গুগলৰ পৰা আঁতৰাই দিয়া হৈছে। ফলত বাদীসকলে এই গোচৰত টুইটাৰ আৰু গুগলৰ ভাৰতীয় কোম্পানীকো যোগ দিছে। চৰকাৰৰ এই কাৰ্যই সংবিধানত স্বীকৃতিপ্ৰাপ্ত দেশৰ নাগৰিকৰ বাক স্বাধীনতাত বাধাৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।
এক ঘণ্টীয়া তথ্যচিত্ৰখনত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) কাৰ্যকালত গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসা আৰু তাৰ পাছৰ সাম্প্ৰদায়িক হিংসাৰ ওপৰত আলোকপাত কৰা হৈছে। ‘ইণ্ডিয়া-দ্য মোদী কুৱেশ্বন’ (India-the modi questions) নামৰ তথ্যচিত্ৰখন আৰম্ভ হোৱাৰ পৰাই কেন্দ্ৰীয় চৰকাৰে আপত্তি দৰ্শাই আহিছে।
ইয়াক ‘অপপ্ৰচাৰ’ বুলি অভিহিত কৰি এই তথ্যচিত্ৰখন ঔপনিৱেশিক মানসিকতাৰ পৰাই সৃষ্টি কৰা বুলি দাবী কৰা হৈছিল। যদিও বিবিচিয়ে দাবী কৰিছে, তথ্যচিত্ৰখন নিৰ্মাণৰ বাবে যথেষ্ট গৱেষণা কৰা হৈছে। বিৰোধী নেতাসকলে মোদী চৰকাৰৰ এই পদক্ষেপক ‘চেন্সৰশ্বিপ’ বুলি আখ্যা দিয়ে।