আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট (Budget) অধিবেশন। সংসদৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে বাজেট অধিবেশন। আনহাতে, ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) । ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে সংসদত দাখিল কৰা হʼব বিত্তীয় জৰীপৰ প্ৰতিবেদন।
সংবাদ সংস্থা ৰয়টাৰৰ মতে, প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি (Gross Domestic Product) বৃদ্ধিৰ হাৰ ৬ শতাংশৰ পৰা ৬.৮ শতাংশ হʼব পাৰে। বিষয়টোৰ সৈতে পৰিচিত এজন নাম প্ৰকাশ নকৰা ব্যক্তিৰ উদ্ধৃতি দি সংবাদ সংস্থাটোৱে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ (ভিত্তি স্তৰ) ৬.৫ শতাংশ হʼব পাৰে। যিটো যোৱা তিনি বছৰৰ ভিতৰত আটাইতকৈ কম।
প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত নামমাত্ৰ বৃদ্ধি ১১ শতাংশ হʼব বুলি পূৰ্বানুমান কৰা হৈছে। বিত্তীয় জৰীপৰ প্ৰতিবেদনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিগত এটা বছৰত অৰ্থনীতিৰ অৱস্থা কেনেকুৱা হৈছে তাৰ গাণিতিক পৰিসংখ্যাগত ছবি দাঙি ধৰে। কোভিড মহামাৰীৰ পিছত ভাৰতৰ অৰ্থনীতি কিছু ঠিক হৈছে। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিৰ বৃহৎ চাপ বৃদ্ধি কৰিছে।
সেইটোৱে মহামাৰীৰ সময়ত গ্ৰহণ কৰা শিথিল মুদ্ৰানীতিৰ পথৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিয়ে। কিন্তু সমীক্ষাত যদি মন্থৰ বৃদ্ধিৰ বাতৰি পোৱা যায়, তেন্তেও ৬.৫ শতাংশ বৃদ্ধিয়ে ভাৰতক বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দৌৰত স্থান দিব। যদিও ই পৰামৰ্শ দিয়া ৭ শতাংশতকৈ কম। যোৱা বছৰ এই বৃদ্ধিৰ হাৰ আছিল ৮.৭ শতাংশ।মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন।
যৌথ সদনত ৰাষ্ট্ৰপতিৰ অনুমতি সাপেক্ষে বিত্তমন্ত্ৰীয়ে সংসদত বিত্তীয় জৰীপৰ প্ৰতিবেদন পঢ়িব। এই বছৰ দেশৰ অৰ্থনীতি কেনেদৰে গতি কৰিলে সেয়া বুজিব পৰা যাব। ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হʼব। জৰীপৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে (V Anantha Nageswaran)। প্ৰতিবেদন অনুসৰি, বিত্তীয় সমীক্ষাৰ পৰা ভাৰতৰ নিয়োগৰ ছবিখনত সামান্য উন্নতিৰ কথা কʼব পাৰে।
অৱশ্যে সামগ্ৰিক নিয়োগৰ বাবে ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাও উল্লেখ কৰিব পাৰে প্ৰতিবেদনত।অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতিৰ গতি মন্থৰ হʼব বুলি আশা কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে। আই এম এফৰ তথ্য অনুসৰি ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ বৃদ্ধি পাব পাৰে। যিটো ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰ বাবে ৬.৮ শতাংশ আছিল।