ASSAM TIMES POST
গুৱাহাটীঃ চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ অভিযোগৰে বুধবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লয় সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। এশৰো অধিক শিক্ষাকৰ্মীয়ে বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে কাহিলীপাৰাত। প্ৰতিবাদকাৰীসকলে জনোৱা অনুসৰি, দৰমহা আৰু স্থায়ী নিযুক্তি সন্দৰ্ভত শিক্ষা বিভাগৰ সৈতে তেওঁলোকৰ বহুবাৰ আলোচনা হোৱা সত্বেও কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে। চৰকাৰে ‘বিশেষ টেট’ আয়োজনৰো প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে ইয়াৰ কোনো কাম আগবঢ়া নাই। পাছত, উত্তেজিত প্ৰতিবাদকাৰীসকলক নিৰাপত্তা বাহিনী তথা আৰক্ষীৰ লোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।













