![]()
এটা মাৰ্কিন সংস্থাই জালিয়াতিৰ তথ্য ফাদিল কৰাৰ পিছত বিপদত পৰিছে আদানী গ্ৰুপ তথা গৌতম আদানী Gautam Adani । জালিয়াতিৰ তথ্য ফাদিলৰ পিছতে গৌতম আদানী ধনী ব্যক্তিৰ তালিকাৰ পৰা সপ্তম স্থানলৈ গতি কৰিছে।

আদানী গ্ৰুপৰ Adani Group ব্যৱসায় বহু বেছি হোৱাৰ লগতে বিভিন্ন অইন কোম্পানীয়ে আদানী গ্ৰুপত বিনিয়োগ কৰাৰ ফলত এতিয়া সকলো কোম্পানী বিপদত পৰা পৰিলক্ষিত হৈছে। বহু প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ কোটি টকা ধাৰলৈ লোৱা গৌতম আদানীয়ে বাহিৰলৈ পলাই যাব নেকি বুলি আশংকাত ভুগিছে এতিয়া সকলো।
উল্লেখ্য যে, আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ hindenburg research প্ৰতিবেদনত কৰা আদানীৰ জালিয়াতিৰ তথ্য ফাদিলৰ পিছতে ৰাতিটোৰ ভিতৰতে গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ আৰু চেঞ্চেক্স হ্ৰাস পাবলৈ ধৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে, আদানি গ্ৰুপে জালিয়াতিৰে ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। অৰ্থাৎ একক দুই কৰি দেখুৱাই আদানি গ্ৰুপে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।
আনহাতে, সংস্থাটোৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে, তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, আদানি গ্ৰুপে যোৱা এক দশকত ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰে। লগতে, যোৱা তিনি বছৰত, গৌতম আদানিৰ মুঠ মূল্য ১২,০০০ কোটি ডলাৰৰ জালিয়াতি কৰিছে বুলিও কোৱা হৈছে।
তেওঁলোকৰ প্ৰতিবেদনত আদানী গ্ৰুপে কৃত্ৰিমভাৱে কেইবাবাৰো শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি যোৱা তিনি বছৰত আদানিৰ শ্বেয়াৰ আৰু সম্পত্তি ৮০০ শতাংশতকৈও অধিক বৃদ্ধি হোৱা বুলি দেখুওৱা হৈছে।












