ASSAM TIMES POST
তেজপুৰঃ বুধবাৰে পুঁৱতি নিশা ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত বিবাহ যাত্ৰীৰ দল এটাৰ আঠজন লোক নিহত হয়। এই আঠোজন উঠি অহা বাহনখনে এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাতে শোকাৱহ দুৰ্ঘটনাটো ঘটে। আৰক্ষী সূত্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি, বিবাহযাত্ৰী হিচাপে কইনাৰ বাইহাটাস্থিত ঘৰৰপৰা লোককেইজনে তেজপুৰলৈ ঘূৰি গৈ আছিল। নিহতকেইজনৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।
নাম হৈছে দিগন্ত শইকীয়া, ৰিংকু শইকীয়া, ৰঞ্জিত ডেকা, পাৰ্থ পুৰী, নাৰায়ণ দাস, টিংকু বৰা, কমল দেব নাথ। উল্লেখযোগ্য যে যিটো স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিল, একে স্থানতে ক্ষন্তেক পূৰ্বে আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল। যাৰ ফলত দুয়োদিশৰ যান-বাহনসমূহ ৰখাই দিবলগীয়া হোৱাতেই এই আঠজন লোক যোৱা বাহনখনে খুন্দা মাৰেগৈ। জানিবপৰা মতে, নিহত লোক কেইজনৰ বন্ধু তথা দৰা নয়ন বৰাই তেওঁলোকৰ সৈতে তেজপুৰৰ এখন হোটেলত কৰ্মৰত আছিল। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক বিবৃতিত মুখ্যমন্ত্ৰীজনে নিহত কেইজনৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।













