দেশৰ সকলোতকৈ সৰু কেঁচুৱাৰ জন্ম হয় পুনে (country’s youngest baby is born in Pune)ত। জন্মৰ সময়ত শিশুটিৰ দৈৰ্ঘ্য আছিল মাত্ৰ ৩০ চে:মি: (child was only 30 cm long.)। মাতৃৰ গৰ্ভত ২৪ সপ্তাহ থকাৰ পিছত জন্ম (Born after 24 weeks of stay in the womb) হয়।
পুনেৰ এই কেঁচুৱা ছোৱালীজনীৰ নাম হৈছে শিৱাণ্য (name is Shivanya)। জন্মৰ পিছত ওজন আধাকিলোতকৈ বেছি হোৱা নাছিল। জন্মতে শিৱাণ্যৰ ওজন মাত্ৰ ৪০০ গ্ৰাম। যিকোনো সুস্থ নৱজাতকৰ ওজন কমেও ২.৫ৰ পৰা ৪.৫ কিলোগ্ৰাম। তাত শিৱাণ্যৰ ওজন আছিল ৫০০ গ্ৰামতকৈও কম। চিকিৎসকে কয় যে ২৪ সপ্তাহত জন্ম হোৱা শিশু এটাক ইমান কম ওজনেৰে বচাবলৈ সহজ নহয়।
অৱশ্যে চিকিৎসকৰ প্ৰচেষ্টাৰ বাবে সুস্থ হৈ উঠিছে। মাকৰ সৈতে চিকিৎসালয়ৰ পৰা তিনিমাহ পিছত সুস্থ হৈ উঠাৰ পিছত শিৱাণ্য ঘৰলৈ যায়।পুনেৰ বাসিন্দা উজ্জ্বলা পেছাত এগৰাকী আই টি কৰ্মী। গৰ্ভাৱস্থাত তেওঁ উপলব্ধি কৰিছিল যে প্ৰসৱৰ সময়ত কিছু সমস্যাৰ সৃষ্টি হʼব পাৰে। শিশুটি বাচি যাব বুলি তেওঁ ভবা নাছিল।
২৪ সপ্তাহৰ গৰ্ভৱতী উজ্জালাক পুনেৰ চিঞ্চৱাদৰ নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। কণমানি শিৱাণ্যৰ জন্ম তাতেই হৈছিল। জন্মৰ কিছু সময়ৰ পিছতে তেওঁক নাৰ্চিং হোমৰ পৰা ছুপাৰ স্পেচিয়েলিটি হস্পিতাললৈ স্থানান্তৰ কৰা হয়।
পুনে চিকিৎসালয়ত মাতৃৰ সৈতে ৯৪ দিন কটায় শিৱান্যই। কঠিন যুঁজৰ অন্তত যেতিয়া তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল, তেতিয়া শিৱান্যৰ ওজন ২ কেজি ১৩ গ্ৰাম আছিল।
জন্মৰ সময়ত ইমান কম ওজন থকা শিশুৰ ২৪ সপ্তাহত প্ৰথমবাৰৰ বাবে ৰক্ষা পৰিল। শিৱাণ্যই ভাৰতত তেনেকৈয়ে এক নজিৰ গঢ়ি তুলিছে। ইয়াৰ পূৰ্বে ২০১৯ চনত আহমেদাবাদৰ এখন চিকিৎসালয়ত ২২ সপ্তাহ বয়সত এটি শিশুৰ জন্ম হৈছিল। তেওঁৰ ওজন আছিল ৪৯২ কেজি। শিৱান্যৰ ওজন তাতকৈ কম।
শিৱান্যৰ মাতৃ উজ্জালাই কয়, “যেতিয়া মই প্ৰথম ছোৱালীজনীক দেখিছিলো, তেতিয়া তাইৰ চকু দুটা ডাঙৰ হৈ আছিল। তেওঁৰ চকুলৈ চাই গম পালোঁ যে তেওঁ জীয়াই থাকিব। জীৱনৰ যুদ্ধত জয়ী হʼব। সেইটোৱে হ’ল।”
উজ্জালাই কয় যে তেওঁলোকে কেঁচুৱা ছোৱালীজনীৰ বাবে চিকিৎসালয়খনত ২১ লাখ টকা খৰচ কৰিছে। অৱশেষত ছোৱালীজনীক বচাবলৈ সক্ষম হʼল। মাতৃয়ে কয় যে টকাখিনিৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই।