ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ অভিলাষী অৰুন্ধতী স্বৰ্ণ আঁচনি অহা বৰ্ষৰ পহিলা জানুৱাৰীৰপৰা কাৰ্যকৰী হ’ব। বুধবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে অসমৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধান সভাৰ অন্তিম বাজেট অধিৱেশনত কৰা ঘোষণা অনুসৰি কাৰ্যকৰী হ’বলগীয়া আঁচনিখন সম্পৰ্কত মন্ত্ৰীজনে বিস্তৃতভাৱে কয় যে বাল্য বিবাহ ৰোধৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছে। যাৰ বাবে কইনাগৰাকীৰ বয়স ১৮ বছৰ হ’লেহে এই আঁচনিৰ অধীনত এতোলা সোণ ক্ৰয় কৰিবলৈ একাউন্টযোগে ৩০ হাজাৰ টকা লাভ কৰিব।
ইফালে কইনাৰ ন্যূনতম বয়স ১৮ বছৰ হ’লেও দৰাৰ বয়স যদি ২১ বছৰতকৈ কম হয় তেতিয়াহ’লেও সোণ লাভ নকৰিব। কইনাৰ বা তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় ৫ লাখ টকাৰ বেছি হ’লেও সোণ লাভ নকৰিব। তদুপৰি, দৰা-কইনা উভয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ নহ’লেও সোণ নাপাব। অৱশ্যে, আদিবাসী, চাহ জনগোষ্ঠীৰ দৰা-কইনাৰ শিক্ষাৰ ক্ষেত্ৰত বাধ্যবাধকতা নাই। উল্লেখিত চৰ্তসমূহৰ পিছত সোণ লাভ কৰিবলৈ বিবাহৰ পঞ্জীয়ন কৰাব লাগিব। বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত কইনাগৰাকীয়ে ধনৰাশি লাভ কৰিব। মন্ত্ৰীজনে জনোৱা অনুসৰি, বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন নাইবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰাব পাৰিব। সমান্তৰালভাৱে, চলিত বৰ্ষৰ ডিচেম্বৰত সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হোৱাসকলেও অহা বৰ্ষৰ জানুৱাৰীত বিবাহৰ পঞ্জীয়ন কৰি আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব।













