ৰখা হৈছে। তেওঁলোকৰ জীৱন আৰু সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।“Guernica 37 Chambers”-এ এক বিবৃতিত কয়- “উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত বহু লোকে ভুৱা গোচৰত জে’ল খাতিবলগা হৈছে। বহু লোকৰ হত্যা হৈছে আৰু অত্যাচাৰৰ বলি হৈছে। অপৰাধমূলক প্ৰতিবেদন অনুসৰি, ভাৰতৰ সাধাৰণ জনতাৰ ওপৰত মূলতঃ মুছলমানৰ ওপৰত যিধৰণে আক্ৰমণ সংঘটিত হৈছিল সেয়া মানৱতাৰ বিৰুদ্ধে অপৰাধ।”
সংগঠনটোৱে লগতে কয় যে ৰাজ্যৰ আৰক্ষীয়ে যি কৰিলে সেয়া যোগী আদিত্যনাথকে ধৰি উত্তৰ প্ৰদেশ চৰকাৰৰ শীৰ্ষ সদস্যৰ নিৰ্দেশত কৰা বুলি তেওঁলোকৰ বিশ্বাস। সংগঠনটোৰ বিবৃতিত কোৱা হৈছে, “২০১৯ চনৰ ১৯ ডিচেম্বৰত যোগীয়ে দিয়া ভাষণত আৰক্ষীক কয় যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ‘প্ৰতিশোধ’ ল’ব লাগে। ইয়াৰ পৰা দেখা যায় যে ৰাজ্যত আৰক্ষীয়ে যি হিংসাত্মক কার্য সংঘটিত কৰিছে তাত মুখ্যমন্ত্রীৰ সমর্থন আছে৷”
উল্লেখ্য, ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হৈছিল। ইয়াৰ পিছত বহু লোক এই আইনৰ বিৰুদ্ধে গৈছিল। অভিযোগ অনুসৰি, প্ৰতিবাদ দমনৰ নামত আৰক্ষীয়ে কমেও ২২ জন লোকক হত্যা কৰে। ১১৭ জন লোকক নিৰ্যাতন চলাইছিল। হঠাতে গ্ৰেপ্তাৰ হৈছিল ৩০৭জন লোক।