![]()
পুৰী (Puri )ৰ জগন্নাথ মন্দিৰ (Jagannath Mandir) ত নিগনিৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। নিগনিৰ সেনাবাহিনীৰ তাণ্ডৱ অব্যাহত আছে। কেতিয়াবা মূৰ্তিৰ কাপোৰ কাটি, কেতিয়াবা পূজাৰ সময়ত উপস্থিত হৈ পূজাৰীৰ কামত ব্যাঘাত জন্মায়।

কোভিড মহামাৰী (Covid) আৰু লকডাউনৰ সময়ৰ পৰাই পুৰি মন্দিৰত নিগনিৰ প্ৰজনন আৰম্ভ হোৱা বুলি কৰ্মচাৰীসকলে দাবী কৰিছে। লকডাউনৰ সময়ছোৱাত মন্দিৰ চৌহদত ভক্তৰ চলাচল বহু সময় ধৰি বন্ধ হৈ আছিল। খালী মন্দিৰত এন্দুৰৰ সেনাবাহিনী বৃদ্ধি পাইছে। ইয়াৰ পাছত মহামাৰী লাঘৱ হʼল যদিও নিগনিবোৰক মন্দিৰৰ পৰা খেদি পঠিয়াব পৰা নগʼল। বৰং জগন্নাথৰ চৌহদত সিহঁতৰ প্ৰভাৱ বাঢ়িছে।
নিগনিৰ দৌৰাত্মক লৈ উদ্বেগ প্ৰকাশ কৰিছে মন্দিৰৰ পুৰোহিতসকলে। মন্দিৰত থকা জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ মূৰ্তিবোৰ কাঠৰ বিগ্ৰহেৰে তৈয়াৰী। নিগনিয়ে কাটিলে বিপদ বাঢ়িব। সেৱকসকলে কয় যে নিগনিয়ে মূৰ্তিৰ কাপোৰ কাটিছে। গৰ্ভগৃহত পূজাৰ সময়তো সদায় বিভিন্ন ধৰণৰ উৎপাত কৰি থাকে। তেওঁলোকে অনুভৱ কৰে যে নিগনিৰ এই তাণ্ডৱ তৎক্ষণাত বন্ধ কৰাটো প্ৰয়োজন।
মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, নিগনিয়ে দেৱতাক অৰ্পণ কৰা ফুলবোৰ খায়। মূৰ্তিৰ কাপোৰো কাটি পেলাইছে। কিন্তু মন্দিৰৰ ভিতৰত জীৱ-জন্তু হত্যা নিষিদ্ধ। গতিকে নিগনিক বিষ দিব নোৱাৰি। কৰ্মচাৰীসকলে নিগনিবোৰ ধৰি মন্দিৰৰ পৰা বাহিৰলৈ দলিয়াই দিছে।
আচলতে মন্দিৰত নিগনিৰ খাদ্যৰ অভাৱ নাই। জগন্নাথৰ কিছু প্ৰসাদো পায়। ফলত সিহঁতে মন্দিৰ চৌহদৰ পৰা ওলাই যাব নিবিচাৰে। বাহিৰত এৰি দিলেও বাৰে বাৰে ঘূৰি আহে।জগন্নাথ মন্দিৰৰ সঞ্চালক জিতেন্দ্ৰ চাহুৱে অৱশ্যে কয় যে তেওঁলোক নিগনিক লৈ বেছি চিন্তিত নহয়। ভয় কৰিবলগা একো নাই। লগতে তেওঁ কয় যে কাঠৰ মূৰ্তিবোৰ নিয়মিতভাৱে চন্দন আৰু কৰ্পূৰেৰে চাফা কৰা হয়।










