গুৱাহাটীঃ উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাৱ্য প্ৰকৃতি ধ্বংসৰ মুকলিভাৱে বিৰোধিতা কৰিলে পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েঙে। গছৰ সুৰক্ষাৰ দাবীত মঙলবাৰে গুৱাহাটী মহানগৰৰ ভৰলুমুখস্থিত শংকৰদেৱ উদ্যানত অনুষ্ঠিত সভাত তেওঁ কয়, ‘আমি উন্নয়নৰ বিৰোধিতা নকৰো। কিন্তু উন্নয়নৰ নামত জধে-মধে গছ কটাৰ বিৰোধিতা কৰো।’
গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠন তথা পশ্চিম গুৱাহাটী অঞ্চলৰ ৰাইজৰ উপস্থিতিত পায়েঙে সম্ভাৱ্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
উল্লেখযোগ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ৩০০জোপা গছ কটাৰ আশংকা প্ৰকাশ পাইছে। প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ’ব। স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও নাগৰিকৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানক্ৰমে পশ্চিম গুৱাহাটী অঞ্চলৰ ৰাইজে যোৱা ১০ নৱেম্বৰত গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰিছিল।













