ASSAM TIMES POST
গুৱাহাটীঃ অসম আন্দোলনৰ ফলশ্ৰুতিত ৰাজ্যই লাভ কৰা নুমলীগড় শোধনাগাৰ লিমিটেড চমুকৈ এনআৰএলক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতাৰে শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন, মঙলবাৰে সংসদ ভৱন প্ৰাংগনত প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ ৪ কংগ্ৰেছ সাংসদ ক্ৰমে ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, আব্দুল খালেক আৰু গৌৰৱ গগৈয়ে। চাৰিওজনে প্লে’ কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।
উল্লেখযোগ্য যে এনআৰএলৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত নুমলীগড় আৰু গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই সিদ্ধান্তৰ বিৰোধিতাৰেই কেইদিনমান পূৰ্বে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।













