ASSAM TIMES POST
নতুন দিল্লীঃ কেইবাবছৰো বিৰতিৰ অন্তত সোমবাৰে পুনৰ ছাত্ৰ বিদ্ৰোহৰ সাক্ষী হৈ ৰয় নতুন দিল্লী। সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে জৱাহৰলালা নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলৰ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে নতুন দিল্লীৰ ৰাজপথ উত্তাল কৰি তোলে। সোমবাৰে পুৱাই জেএনইউ ছাত্ৰ একতা সভাৰ নেতৃত্বত ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদী সমদল সংসদ অভিমুখে আগবাঢ়ে। কিন্তু, প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক বাধা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীয়ে বেৰিকেড দিয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ চৌহদটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে। ইয়াৰ পাছটো প্ৰতিবাদকাৰীসকল ক্ষান্ত নোহোৱাত ১৪৪ ধাৰা আৰোপ কৰা হয়। ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন কৰে। সোমবাৰে নিশাও ইয়াৰ উত্তেজনা মাৰ যোৱা নাই বুলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।












