ASSAM TIMES POST
নতুন দিল্লীঃ দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেয়ে। ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দই তেওঁক কাৰ্যালয়ৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে গত ১৮ অক্টোবৰত সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ উত্তৰসুৰী হিচাপে ন্যায়াধীশ ববডেক নিৰ্বাচন কৰি কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁৰ পিছত ন্যায়াধীশ ববডেয়ে আছিল সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বিতীয় সৰ্ব-জ্যেষ্ঠ ন্যায়াধীশ। ১৯৫৬ চনৰ ২৪ এপ্ৰিলত নাগপুৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ ববডে হৈছে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ মুম্বাই আৰু নাগপুৰৰ মহাৰাষ্ট্ৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নাগপুৰ বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ ন্যায়াধীশ ববডেয়ে ২০২১ চনৰ ২৩ এপ্ৰিলত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিব।











