![]()
ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ পুৰণিগুদাম আউনীআটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত আজি পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে লুটপাট চলালে পেট্ৰ’ল পাম্পটোত । উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পেট্ৰল পাম্পটোত থকা কৰ্মচাৰীৰ মূৰত পিষ্টল টোঁৱাই লুটপাত চলালে ডকাইতৰ দলটোৱে । বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো ।

প্ৰথমে দুখন পালচাৰ বাইকত অহা চাৰিজনীয়া এটা দলে প্ৰথমে পেট্ৰল পাম্পটোত এখন বাইকত পেট্ৰল ভৰায় । আনহাতে দ্বিতীয়খন বাইকত পেট্ৰল ভৰাই থকাৰ সময়তে দুৰ্বৃত্তই পিষ্টল উলিয়াই কৰ্মচাৰীক ভাবুকি প্রদান কৰে। ইয়াৰ পিছতেই পেট্ৰল পাম্পটোত একপ্ৰকাৰ তাণ্ডৱ চলালে দুৰ্বৃত্তৰ দলটোৱে ।
ভাঙি লণ্ডভণ্ড কৰিলে বহু আচবাব । লুটি নিলে বিভিন্ন সামগ্ৰীসহ নগদ ধন,দুটাকৈ কম্পিউটাৰ, চি চি টিভি কেমেৰা আৰু ডি ভি আৰ ছেটসহ লক্ষাধিক টকা।এনেদৰে লুটপাত চলাই দুৰ্বৃত্তৰ দলটোৱে নিৰাপদে উক্ত স্থানৰ আতৰি যায় ।ইপিনে আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাইছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰা নাই বুলি জানিব পৰা গৈছে ।













