ASSAM TIMES POST
ভূৱনেশ্বৰঃ ভাৰতে শনিবাৰে প্ৰথমবাৰৰ বাবে নিশা নিউক্লিয়াৰ-কেপেবল ইন্টাৰমিডিয়েট-ৰেঞ্জ বলাষ্টিক মিছাইল অগ্নি-২ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে। উৰিষ্যা উপকূলৰ আব্দুল কালাম আইছলেণ্ডৰপৰা এই মিছাইলটো শনিবাৰে সন্ধিয়া উৎক্ষেপণ কৰা হয়। প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, ভাৰতীয় সেনাৰ ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডে এই পৰীক্ষা সম্পন্ন কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’য়ে প্ৰস্তুত কৰা এই মিছাইলটো ইতিমধ্যে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও এতিয়ালৈকে নিশা পৰীক্ষামূলক উৎক্ষেপণ কৰা হোৱা নাছিল। উল্লেখযোগ্য যে ২০ মিটাৰ দৈঘ্যৰ এই টু-ষ্টেজ বলাষ্টিক মিছাইলটোৰ ষ্ট্ৰাইক ৰেঞ্জ হৈছে ২ হাজাৰ কিমি।












