ASSAM TIMES POST
গুৱাহাটী : ই্ন্টাৰনেশ্যনেল হিউমেন ৰাইটচ কাউঞ্চিলৰ উদ্যোগত আজি গুৱাহাটীৰ হোটেল ৰিতুৰাজত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন জিলাৰ সাংগঠনিক দায়িত্বত থকা বিষয়ববীয়া সকল এই আলোচনা চক্ৰত অংশ লয়৷কাউঞ্চিলৰ বিষয়ববীয়া সকলে সমবেত লোকক সংগঠনৰ কাৰ্যপন্থা তথা লক্ষ্য উদ্দেশ্য বাখ্যা কৰে৷উক্ত সভাত ৰাষ্ট্ৰীয় সম্পাদক কমলৰাজ ছেত্ৰী,ৰাজ্যিক সম্পাদক কমল গুপ্তা, গুৱাহাটী শাখাৰ সম্পাদক সঞ্জয় সুৰেখা আদি বিষয়ববীয়া সকলো উপস্থিত থাকে ৷অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ সভাপতি সম্পাদকসকলে অংশগ্ৰহণ কৰে













