ASSAM TIMES POST
নগাঁও : নগাঁও জিলা আইন সেৱা প্ৰাধিকৰীয়ে উত্তৰ-পূৱাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
সমাজৰ দৰিদ্ৰ,নিচলা,নিজ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত,দিব্যাংগ,অসহায় লোকক সময়ে-সময়ে জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ তৰফৰ পৰা কৰি অহা বিভিন্ন উন্নয়ন মূলক কাৰ্য তথা সহায়ৰ বাবে উক্ত সন্মান আগবঢ়োৱা হয়।
যোৱা ৯ নবেম্বৰত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত দিল্লী উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ আইন আৰু তথ্য প্ৰয্যুক্তি মন্ত্ৰনালয়ৰ মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদ,দিল্লী উচ্চতম ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ এচ.এ.বৱদে,ন্যায়াধীশ এন.ভি. ৰামান্যা, দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি.এন.পাটিল, দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি.এচ. চিচটানিৰ উপস্থিতিত জিলা আইন সেৱা প্ৰাধীকাৰীলৈ আগবঢ়োবা এই সন্মান গ্ৰহণ কৰে অসম ৰাজ্যিক আইন সেৱা প্ৰাধীকৰণৰ সদস্য সচিৱ সত্যনাথ শৰ্মা,জিলা আইন সেৱা প্ৰাধীকাৰী নগাঁৱৰ অধ্যক্ষ তথা জিলা ও সত্ৰ ন্যায়াধীশ ৰীতা ক’ৰ, নগাঁও,জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিৱ প্ৰণিতা মৰাঙে ৷
নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে এই সন্মান লাভ কৰাত জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিৱ প্ৰণিতা মৰাঙৰ লগতে নগাঁৱৰ পেনেল অধিবক্তা সকল আৰু অৰ্ধআইনী সহায়ক সকলৰ কাম কাজক ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ লগতে নগাঁৱৰ সচেতন মহলে প্ৰশংসা কৰে ৷ সফলতাৰ এই বঁটা লাভ কৰি সচিৱ প্ৰণতা মৰাঙে সংবাদ মাধ্যমৰ আগত কয় যে এই সফলতাৰ আৰঁত নগাঁৱৰ পেনেল অধিবক্তা সকল আৰু অৰ্ধ আইনী সহায়ক সকলৰ প্ৰচেষ্টা নিহিত হৈ আছে ।এই সকলৰ সহায় সহযোগিতাৰ একমাত্ৰ ফল আমি লাভ কৰিছো৷ অনাগত দিন সমূহতো নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সমাজৰ দৰিদ্ৰ, অসহায়, নিচলা, নিৰ্য্যাতিত লোক সকলক নিস্বাৰ্থ ভাবে সহায়ৰ হাত আগবঢ়াই যাব ৷













