ASSAM TIMES POST
নগাঁও : দুই ভগ্নীৰ মাজৰ নিভাঁজ প্ৰেমৰ এক ঘটনাই হৃদয় চুই যায় নগাঁও জিলাৰ বটদ্ৰৱাৰ কিৰিমিৰি গাঁৱৰ বাসিন্দাসকলৰ । এগৰাকী ভগ্নীৰ মৃত্যু সহ্য কৰিব নোৱাৰি আন এগৰাকী ভগ্নীয়েও মৃত্যুক সাৱটি লয়৷ ঘটনাৰ বিৱৰণী মতে, কিৰিমিৰি গাঁৱৰ নিজা বাসগৃহত ছুফিয়া খাতুন নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷
আনহাতে ভগ্নীৰ মৃত্যুৰ খবৰ পাই সমীপৰ বটদ্ৰৱা নিবাসী মহিলাগৰাকীৰ ভনীয়েক ৰহিমা খাতুনে ছুফিয়া খাতুনৰ মৃত্যুদেহক অন্তিম বাৰৰ বাবে চাবলৈ আহে ৷ কিন্তু জ্যেষ্ঠ ভগ্নীৰ মৃতদেহ দেখি শোকত ভাগি পৰা ৰহিমা খাতুনে বায়েকৰ মৃতদেহৰ কাষত ঢলি পৰে আৰু অনাকাংক্ষিতভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় ৷ একেটা দিনতে দুই ভগ্নীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷ দুই ভগ্নীৰ মাজত থকা অকৃত্রিম মৰমৰ বাবেই এগৰাকী ভগ্নীৰ মৃত্যুৰ শোকত আনগৰাকীয়েও এই সংসাৰৰ পৰা চিৰ বিদায় লয় বুলি স্হানীয় ৰাইজে মত প্ৰকাশ কৰিছে ।













