ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৬ নৱেম্বৰত গোলাঘাট বি এড কলেজৰ বাৰ্ষিক আলোচনী ‘দৰ্পণ’ৰ দশম সংখ্যাটো উন্মোচন কৰা হয়। দৰ্পণ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ গোলাঘাট বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষা অনু খনিকৰে। কেইবাজনো বিশিষ্ট লেখকৰ লেখনিৰে সমৃদ্ধ দৰ্পণ দশম সংখ্যাটো সম্পাদনা কৰে সমীৰজ্যোতি মেধি আৰু অমৃত সন্দিকৈয়ে। উল্লেখযোগ্য যে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে লগতে ইন্টাৰনেটত দৰ্পণ উপলব্ধ কৰাৰ উদ্দেশ্যেৰে আলোচনীখনৰ ই-সংস্কৰণো এই সভাতে মুকলি কৰা হয়। ই-সংস্কৰণতো উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কাণ্ডোলনাই। এই সংখ্যাৰ দৰ্পণত যুৱ সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক কমল কুমাৰ তাঁতী আৰু বিজয় শংকৰ বৰ্মণেৰ লিখনি প্ৰকাশ পাইছে। অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক অজিত দত্তই।