ASSAM TIMES POST
ডিফু: বিভিন্ন- জাতি জনগোষ্ঠীৰ মিলনভূমি পশ্ছিম কাৰবি আংলঙৰ বৈঠালামছ’ত স্থাপিত হব শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ব বিদ্যালয় এটি চৌহদ ৷ বৈঠালাংছ কেন্দ্ৰীয় শঙ্কৰ মন্দিৰ সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠ্ত হৈ যোৱা ৰাস মহোৎসৱৰ গ্ৰন্থ উন্মোচনী সভাত এই কথা ব্যক্ত কৰে শ্ৰীমন্ত শঙ্কৰ দেৱ বিশ্ব বিদ্যালয় উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই ৷স্মৰ্তব্য যে, মহীপুৰুষজনীৰ ৫৭১ তম জন্মোৎসৱত সমিতিয়ে ‘মহাপুৰুষ শংকৰদেৱ ‘ শীৰ্ষক এটি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৷ তাৰ আধাৰতেই এইবাৰ ৰাস মহোৎসৱত ” কল্পতৰু কুইজ” শীৰ্ষক এটি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হয় ৷ গ্ৰন্থখনি যুটীয়াভাবে উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা আৰু বিশিষ্ট কবি, সাহিত্যিক, সাহিত্য একাডেমীৰ ভূতপূৰ্ব সদস্য ডঃ কৰবী ডেকা হাজৰিকাই ৷
যোৱা ১২ নৱেম্বৰত কেন্দ্ৰীয় শঙ্কৰ মন্দিৰ প্ৰাংগনত এই গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হৈ যায় ৷বৈঠালাংছ’ৰ দৰে অঞ্চলৰ পৰা এনেদৰে এখন কুইজৰ কিতাপ প্ৰকাশ কৰা বিষয়টো আশাব্যঞ্জক বুলি মন্তব্য কৰি উপীচাৰ্য ডঃ ডেকাই এনেধৰণৰ গ্ৰন্থই ছাত্ৰ-ছাত্ৰী সকলক বহু পৰিমানে উপকৃত কৰিব বুলি মন্তব্য কৰে ৷ আনগৰাকী গ্ৰন্থ উন্মোচক ড: কৰবী ডেকা হাজৰিকাই মহাপুকুষ সকলৰ জীৱনৰ আধাৰত এইখনেই প্ৰথম গ্ৰন্থ হব বুলি মন্তব্য কৰে ৷উল্লেখ্য যে, এই গ্ৰন্থ খনত চাৰি শতাধিক প্ৰশ্নোত্তৰ আৰু পাঁচটা প্ৰৱন্ধ সন্নিবিষ্ট হৈছে ৷
প্ৰাক শংকৰী যুগৰ পৰা শংকৰোত্তৰ যুগৰ কবি সাহিত্যিক সকলৰ চমু জীৱন আৰু সৃষ্টিৰাজী, ৩৩ খনৰ চাৰিত পুথিৰ জ্ঞাপক আলোচনাৰ লগতে সত্ৰীয় সংগীতৰ বাদ্য যন্ত্ৰ শীৰ্ষক এটি মূল্যৱান প্ৰৱন্ধ লিখিছে ডঃ দিলীপ ৰঞ্জন বৰঠাকুৰে ৷ গ্ৰন্থখনৰ সম্পাদনা কৰিছে মুন কুমাৰ ডেকা আৰু নৱজ্যোতি শইকীয়াই ৷ আনহাতে বৈঠালাংছ’ত শ্ৰীমন্ত শঙ্কৰ দেৱ বিশ্ব বিদ্যালয় চৌহদ স্থাপনৰ ঘোষণা বৈঠালাংছ’ বাসীয়ে বিপুলভাবে আদৰণি জনায় ৷ অতি শীঘ্ৰে যাৱতীয় আলোচনীৰ বাবে বৈঠালাংছ’ৰ পৰা এটি প্ৰতিনিধিৰ দলক বিশ্ববিদ্যালয়খনলৈ আমন্ত্ৰন জনায় উপাচাৰ্য ডঃ ডেকাই ৷ এই অনুষ্ঠানৰ আগে আগে বৈঠালাংছ’ত শঙ্কৰ মন্দিৰ স্থাপনৰ সৈতে জড়িত প্ৰয়াত ৭৫ গৰাকী ব্যক্তিক এক ব্যতিক্ৰম ৰূপে শ্ৰদ্ধাঞ্জলী জনায় মৃতকৰ পৰিয়ালে ৷গ্ৰন্থ উন্মেচনী সভাত উপস্থিত থাকে শিক্ষাবিদ অনন্ত কুমাৰ বৰা, বুবুল শইকীয়া বিজেপিৰ পশ্ছিম কাৰবি আংলঙৰ সভাপতি অৰুণ তেৰাঙ, পৰিষদৰ এমএচি প্ৰঙীত তাৰ’, কাৰ্বি ৰাজকীয় প্ৰতিনিধি হনছিং টেৰণ হাবে,’ লংছিং ৰংপি আৰু বিঙিন্ন ভাষা গোষ্ঠীৰ নেতৃবৃন্দ ৷