ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ৰ বিৰোধিতাৰে অহা ১৮ নৱেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানীস্থিত ৰাজভৱনৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ’ৱে। শেহতীয়াকৈ এই কথা সদৰী কৰিছে নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱা, সম্পাদক প্ৰধান চিনাব প্ৰবাল আৰু উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তিনিও সদৰী কৰা অনুসৰি, পূৰ্বৰ দৰেই এইবাৰো পূৰ্বোত্তৰত এই আন্দোলন সৰ্বাত্মক কৰি তোলা হ’ব। নেছ’ৰ এই কাৰ্যসূচীলৈ সমৰ্থন জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে কয় যে সেইদিনা গুৱাহাটীস্থিত অসমৰ ৰাজ্যপালৰ বাসভৱনৰ সমীপতো উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দুয়ো কয় যে পূৰ্বৰ দৰেই আছু আৰু ৰাজ্যৰ ৩০ টাকৈ জনগোষ্ঠীয় আৰু জাতীয় সংগঠনে ‘কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব।