ASSAM TIMES POST
পাথানামঠিট্টাঃ উচ্চতম ন্যায়ালয়ে দুদিন পূৰ্বে কেৰেলাৰ সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ নিৰ্দেশ বাহাল ৰখাৰ পিছত শনিবাৰে এই বৰ্ষৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰাত মহিলাই অনায়াসে মন্দিৰটোত প্ৰৱেশ কৰি পূজা অৰ্চনা কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে মন্দিৰটোৰ দ্বাৰ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত, অনাকাংক্ষিত ঘটনাৰ যাতে সৃষ্টি নহয়, তাৰ বাবে কেৰেলা চৰকাৰে মন্দিৰটোৰ ভিতৰে-বাহিৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে। জানিবপৰা মতে, ইয়াত প্ৰায় ১০ হাজাৰ আৰক্ষীৰ লোক মোতায়েন কৰা হয়। উল্লেখযোগ্য যে যোৱা বৰ্ষত এনেকুৱা দিনতে মন্দিৰৰ দ্বাৰ মুকলি কৰোতে মহিলাৰ প্ৰৱেশক লৈ হিংসাৰ সূত্ৰপাত ঘটিছিল।