ASSAM TIMES POST
গুৱাহাটীঃ অহা ১৮ বা ১৯ নৱেম্বৰত গৃহীত হ’ব জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬। উল্লেখযোগ্য যে অহা সোমবাৰৰপৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰ বা মঙলবাৰৰ ভিতৰত উক্ত বিধেয়কখন গৃহীত কৰা হ’ব বুলি জানিবপৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি আগন্তুক অধিৱেশনত মুঠ ২৭খন নতুন বিধেয়ক উত্থাপন কৰা হ’ব। উল্লেখ্য যে ১৩ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব।