অসমৰ এমেচাৰ নাট জগতৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা সাম্প্ৰতিক অসমীয়া বোকাখতীয়া শিপাৰ কবি ৰফিকুল হোছেইন আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি, বিশিষ্ট লেখক, কবি নিজৰা বৰঠাকুৰলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন Literacy Pension আগবঢ়োৱাৰ খবৰে বোকাখাতলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে।
অসম চৰকাৰৰ ২০২২ বৰ্ষৰ ২৩ গৰাকী সাহিত্যিক পেঞ্চন প্ৰাপকৰ নাম তালিকাত প্ৰকাশ পাইছে দুয়োগৰাকী বিশিষ্ট কবি-সাহিত্যিকৰ নাম। ৰফিকুল হোছেইনৰ কাব্য সংকলন ‘বিষাদ বসন্ত সংহাৰ’ আৰু নিজৰা বৰঠাকুৰৰ ক্ৰমে গল্প সংকলন ‘স্বপ্ন সত্য বাস্তৱ’, কাব্য সংকলন ‘আলোড়িত অন্ধকাৰ’ৰ ভিত্তিত আগবঢ়োৱা হৈছে সাহিত্যিক পেঞ্চন। বোকাখাতৰ বহু সংখ্যক ব্যক্তি, দল-সংগঠনে দুয়োগৰাকী সাহিত্যিক পেঞ্চন প্ৰাপককলৈ অভিনন্দন জনাইছে।