ASSAM TIMES POST
গুৱাহাটীঃ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সম্পৰ্কত গঠিত সাংবিধানিক বিচাৰপীঠৰ মুৰব্বী তথা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বৃহস্পতিবাৰে সমালোচনা কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। দিছপুৰস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত এনআৰচি প্ৰকাশৰ পাছত মুখ্য ন্যায়াধীশগৰাকীলৈ তেওঁ লিখা চিঠিৰ উত্তৰ নাহিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসমৰ উন্নীত এনআৰচিখনক মুখ্য ন্যায়াধীশ গগৈ আৰু এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই শুদ্ধ বুলি ক’লেও মই মানি নলওঁ।’ প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ প্ৰসংগ টানি আনি তেওঁ পুনৰ কয় যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গুৰুত্ব দিব লাগিছিল দেশৰ মহা পঞ্জীয়কক। কিন্তু দিলে প্ৰতীক হাজেলাক। ইয়াতেই ক্ষান্ত নাথাকি এনআৰচিৰ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিলে। শেহতীয়াকৈ অসম এৰা প্ৰতীক হাজেলাক উদ্দেশ্যি তেওঁ কয় যে হাজেলাই একো ভাল কাম কৰিব নোৱাৰিলে।