৭০ শতাংশ জনসাধাৰণ পৰিবেশ শিক্ষাৰ পৰা বঞ্চিত হৈ আছেঃ পদ্মশ্ৰী ড০ উদ্ধৱ ভৰালী
ASSAM TIMES POST
নগাঁওঃ অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ পৃষ্ঠপোষকতাত চলিত বর্ষৰ পৰা আৰম্ভ হোৱা ‘ডা০ জীতেন গোঁহাই সোঁৱৰণী সেউজ বঁটা’- ২০১৯ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰদান কৰা হয়। ঐতিহ্যমণ্ডিত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে অসমৰ বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী ড০ উদ্ধৱ ভৰালীয়ে।
নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰবীণ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰি অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাৰ সম্পাদক ড০ ভুবন চন্দ্ৰ চুতীয়াই কয় যে পৰিবেশ সংৰক্ষন আন্দোলন আৰু স্বচ্ছতা অভিযান শক্তিশালী কৰাৰ লক্ষ্যৰে নগাঁও মহাবিদ্যালয়ৰ পৃষ্ঠপোষকতাত বিজ্ঞান সমিতিয়ে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় সমূহৰ মাজত জৰীপ চলাই প্ৰতিবছৰে ‘ডা০ জীতেন গোঁহাই সোঁৱৰণী সেউজ বটাঁ’ প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰে। ১৪ দফীয়া জৰীপ প্ৰতিবেদনৰ ভিত্তিত এই বৰ্ষৰ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ক এই বঁটা প্ৰদান কৰা হয় ।

আনহাতে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ক উক্ত বঁটা প্ৰদান কৰি ডা০ উদ্ধৱ ভৰালীয়ে কয় যে এনেদৰে বিজ্ঞান সমিতিয়ে বঁটা প্ৰদান কৰি আনৰ বাবে এক প্ৰেৰণা আৰু উৎসাহ সৃষ্টি কৰাৰ বাবে নগাঁও মহাবিদ্যালয় আৰু অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখা ধন্যবাদৰ পাত্ৰ । ড০ ভৰালীয়ে লগতে কয় যে আজিও আমাৰ সমাজৰ ৭০ শতাংশ মানুহ পৰিবেশ শিক্ষাৰ পৰা বঞ্চিত হৈ থকাৰ বাবে পৰিবেশ ৰক্ষাৰ বিষয়টোত উদাসীন হৈ আছে ।
বিশিষ্ট উদ্ভাৱক গৰাকীয়ে প্লাষ্টিক বৰ্জনৰ আহ্বান জনোৱাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্রীত থকা ৰাসায়নিক দ্ৰব্য আৰু শাক পাচলিত কীটনাশক দ্ৰব্যৰ প্ৰয়োগে মানৱ দেহত কৰা ক্ষতি সাধনৰ বিষয়ে উল্লেখ কৰে। সভাত ডা০ জীতেন গোঁহাইৰ কনিষ্ঠ ভাতৃ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে “বিদ্যাৰ্থীৰ সাৰথি” নামৰ এখন গ্ৰন্থ উন্মোচন কৰে ।
বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে ডা০ জীতেন গোঁহাইৰ প্ৰতিচ্ছবিত ভাতৃ ডা০ যোগেন গোঁহাইয়ে মাল্য প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে । নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলে প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ আহ্বানেৰে এক সমৱেত সংগীত পৰিবেশন কৰে । আনহাতে ‘সেউজ বঁটা’ গ্ৰহণ কৰি নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে কয় যে ‘সেউজ বঁটা’ লাভ কৰাৰ পিছত দায়িত্ব বৃদ্ধি পালে আৰু বঁটাটো প্ৰেৰণাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছো । বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত ডা০ জীতেন গোঁহাইৰ পত্নী নিৰুপমা গোঁহাইকে ধৰি পৰিয়ালৰ কেইবাগৰাকীও সদস্যই অংশ গ্ৰহণ কৰে ।
নগাঁও মহাবিদ্যালয়ৰ ড০ কৃষ্ণ কান্ত মেধি, ড০ ৰাণা সঞ্জয় কুমাৰ সিঙে ‘সেউজ বঁটাৰ তাৎপৰ্য ব্যাখ্যা কৰে । ইপিনে আজি বিয়লি পদ্মশ্ৰী ড০ উদ্ধৱ ভৰালীয়ে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰে এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি কয় যে উদ্ভাৱন কেৱল জনগণৰ কল্যাণৰ বাবে হোৱা উচিত । তদুপৰি বিজ্ঞান কেৱল বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ এক চেতীয়া বিভাগ নহয়, বিজ্ঞান বুলি কওঁতে কলা, বাণিজ্যও সোমাব পাৰে ।
ড০ ভুবন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই মত বিনিময় অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠান উদ্ভাৱন পৰিষদৰ সমন্বয়ক ড০ পল্লৱী গোস্বামীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা মত বিনিময় অনুষ্ঠানত মহাবিদ্যালয়খনৰ গৰিষ্ঠসংখ্যক অধ্যাপক- অধ্যাপিকাৰ লগতে তিনি শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।













