ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ শিশু দিৱসৰ প্ৰাকক্ষণত ১৩ নৱেম্বৰত গোলাঘাটস্থিত হৰিজন প্ৰাথমিক বিদ্যালয়ত মহেশ্বৰী যুৱ সংগঠনৰ দ্বাৰা এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ উদ্দেশ্যে ব্যাখ্যা কৰে অমিত নাগৰীয়ে।
শিশু দিৱসৰ লগত সংগতি ৰাখি হৰিজন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফলমূল, বিস্কুট, চকলেট আদিৰ লগতে ৰ, পেঞ্চিল আৰু অন্যান্য অধ্যয়ন সামগ্ৰী বিতৰণ কৰে গৌৰী শংকৰ ৰাথী, বিশাল বিন্নানী, চিত্ৰা বাহেতী, ৰোহিত লাড্ডাৰ, অমৃত মহেশ্বৰী, হৰ্ষ বিন্নানী, কোমল টাপাৰিয়া আদি মহেশ্বৰী সংগঠনৰ প্ৰতিনিধিবৰ্গই।
কাৰ্যসূচীত উপস্থিত থাকে মহেশ্বৰী সভাৰ অধ্যক্ষ ছগনলাল চান্দক, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী নীলিমা বৰা, শিক্ষক-শিক্ষয়িত্ৰী ৰঞ্জিত শৰ্মা আৰু অঞ্জনা শৰ্মা আৰু সংবাদকৰ্মী চামিম আলী আৰু ৰুবুল শইকীয়া আদি। কাৰ্যসূচীৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কোমল টাপাৰিয়াই৷













