ASSAM TIMES POST
শিৱসাগৰ : শিৱসাগৰ জিলাক ক্ৰীড়াৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটত এক উৎকৃষ্ট মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ‘খেল’ শিৱসাগৰ খেল’ শীৰ্ষক এক অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰস্তুতি সম্পর্কে আলোচনা কৰাৰ লক্ষ্যৰে উপায়ুক্তগৰাকীয়ে যোৱা ১২ নৱেম্বৰত উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ ক্ৰীড়া সংস্থা সমূহৰ বিষয়ববীয়া, ক্রীড়া সংগঠক, নবীন-প্ৰবীণ খেলুৱৈ আৰু ক্রীড়াপ্ৰেমীসকলৰ লগত এক বৈঠক আয়োজন কৰে।
অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা প্ৰবীণ এথলিট মোহিত্ৰী সন্দিকৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ অধ্যক্ষতা কৰি উপায়ুক্তগৰাকীয়ে বিদ্যালয়, শিক্ষা খণ্ড আৰু জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা আয়োজনৰ মূল উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতাত জিলাখনৰ পৰা সুসংগঠিত প্ৰক্ৰিয়াৰে উৎকৃষ্ট খেলুৱৈৰ বাচনি কৰি যোগদান নিশ্চিত কৰাৰ বিষয়ে উল্লেখ কৰে। এই প্ৰক্ৰিয়াৰে প্ৰতিযোগিতাৰ অধিক সংখ্যক বিভাগত জিলাখনৰ খেলুৱৈসকলে যোগদান আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ মত প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে। সভাত উপায়ুক্তই অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাক খেল’ শিৱসাগৰ খেল’ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে।
উপায়ুক্তৰ নিৰ্দেশমৰ্মে সভাত জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়ে “খেল’ শিৱসাগৰ খেল'”ৰ প্ৰস্তুতি সম্পৰ্কে প্ৰস্তুত কৰা প্ৰাৰম্ভিক পর্যায়ৰ পৰিকল্পনা সম্পৰ্কে যুগুত কৰা এক প্ৰতিবেদন পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ যোগেৰে উপস্থাপন কৰে৷ এই প্ৰতিযোগিতা সমূহ জিলা উপায়ুক্তৰ তত্বাৱধানত শিৱসাগৰ জিলা ক্রীড়া বিষয়াৰ কাৰ্যালয়, বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিৱসাগৰ আৰু নাজিৰাৰ জিলা ক্রীড়া সন্থাৰ উদ্যোগত তথা বিভিন্ন ক্রীড়া সংস্থাৰ সহযোগিতাত অহা বছৰৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজ ভাগলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতা তিনিটা ভাগত অনুষ্ঠিত হ’ব৷ সেই অনুসৰি ১৪ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালী, ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালী আৰু ১৯ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালী। সভাত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে মুঠ ৩২ টা খেলৰ এক সূচী প্ৰস্তুত কৰা হয়। উপায়ুক্তই জিলাখনৰ ক্রীড়া ক্ষেত্ৰৰ উন্নতি আৰু খেলুৱৈসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে যথাসম্ভৱ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে। নিজ বক্তব্যত অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাই জিলা প্ৰশাসনৰ উদ্যোগক শলাগ লয়৷













