ASSAM TIMES POST
হাউলীঃ ৯২ বর্ষ গৰকিলে নামনি অসমৰ ইতিহাস প্ৰসিদ্ধ ৰজা চণ্ডীবৰুৱাৰ ৰাজহাউলী বৰ্তমানৰ হাউলী মহোৎসৱে৷ এইবাৰ এই ৰাম মহোৎসৱ ১১ নৱেম্বৰত সন্ধিয়া অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত মন্ত্ৰী চৌধুৰীয়ে কয়, পুৰুষ আৰু নাৰীৰ প্ৰেম পৰস্পৰ প্ৰতি আকৰ্ষণ চিৰ সত্য, ৰাসলীলাৰ জড়িয়তে শ্ৰীকৃষ্ণ ভগৱানৰ প্ৰতি তেনে কাম আৰু আকৰ্ষণ অনুভৱ কৰাটো আটাইতকৈ উচ্চ ভাৱৰ শক্তি। যি সকল প্ৰকৃত ভক্ত তেওঁলোকে ভগৱানৰ নিজৰ প্ৰিয়তম মা প্ৰমাচপট বুলি গ্ৰহণ কৰিব পাৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত ভগৱানৰ প্ৰিয়তম বুলি গ্ৰহণ কৰিব পৰা মানুহ সকলো দুখ, কষ্ট আৰু কৰ্মফলৰ পৰা মুক্তি পায়, গতিকে ভগৱানক নিজৰ প্ৰিয়তম বা প্ৰমাচতপ বুলি গণ্য কৰিব পাৰিলে নিশ্চিয় মাজৰ যি দুখ, কষ্ট আৰু কৰ্ম ফলৰ পৰা নিশ্চয় মুক্তি পাব। ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ সভাপতি ড° ভগীৰথ নাথৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত মুখ্য অতিথি ড° সমুজ্বল ভট্টাচাৰ্য, সন্মানীয় অতিথি বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসকে আদি উপস্থিত থাকি ভাষণ আগবঢ়ায়। এই সভাতে স্মৃতিগ্ৰন্থ ‘মুৰুলী’ উন্মোচন কৰে সাংবাদিক মৃণাল তালুকদাৰে।













