কালি নিশা ধুবুৰী জিলাৰ আগমণিৰ গোলকগঞ্জৰ টাইবান্ধত বক্সিৰহাটৰ পৰা ধুবুৰী অভিমুখে গৈ থকা তীব্ৰবেগী এখন ট্ৰাকে বিপৰীত দিশৰ পৰা অহা দুখনকৈ ই-ৰিক্সাক চোঁচৰাই নি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাস্থলীতে দুজন ব্যক্তি নিহত হোৱাৰ বিপৰীতে আন দুজন ব্যক্তি গুৰুত্বৰভাৱে আহত হয়।
নিহত দুগৰাকী হৈছে ক্ৰমে দুগৰাকী হালাকুৰাৰ আটঘৰিটাৰী গাঁৱৰ ছবিয়ল বেপাৰী আৰু আজিজুল সেখ বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুত্বৰভাৱে আহতপ্ৰাপ্ত একে গাঁৱৰ আশীক ৰহমানক সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।