কেন্দ্ৰশাসিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ Andman and nicobar island নিলম্বিত আই এ এছ বিষয়া IAS আৰ এল ঋষিক দলবদ্ধ ধৰ্ষণৰ Rape অভিযোগত গ্ৰেপ্তাৰ। আৰক্ষীৰ মতে, আন্দামান আৰু নিকোবৰৰ প্ৰাক্তন শ্ৰম আয়ুক্ত ঋষিয়ে সোমবাৰে পোৰ্ট ব্লেয়াৰলৈ মাতি আনি চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতিৰে ২১ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সম্পাদক জিতেন্দ্ৰ নাৰায়ণ আৰু হোটেল মালিক সন্দীপ সিঙক ধৰ্ষণ কাণ্ডত গ্ৰেপ্তাৰ কৰিছিল। ঋষিৰ দৰে জীতেন্দ্ৰকো গ্ৰেপ্তাৰৰ পূৰ্বে নিলম্বন কৰা হৈছিল। সোমবাৰে চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰত উপস্থিত হোৱাৰ সময়ত ঋষিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য, মহিলাগৰাকীয়ে অক্টোবৰৰ আৰম্ভণিতে জিতেন্দ্ৰ আৰু ঋষিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ জিতেন্দ্ৰৰ বিৰুদ্ধে চৰকাৰী বাংলোত যৌন ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন কৰে। অভিযোগ আছিল যে জীতেন্দ্ৰই কমেও ২০ গৰাকী ছোৱালীক নিজৰ ঘৰলৈ মাতি আনি ধনৰ বিনিময়ত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল। তেওঁৰ সংগী আছিল ঋষি আৰু সন্দীপ।
দুজন উচ্চ পদস্থ আমোলাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে গৃহ মন্ত্ৰালয়ে আন্দামান আৰু নিকোবৰ আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছিল। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, জিতেন্দ্ৰই চৰকাৰী পদৰ অপব্যৱহাৰ কৰিছিল। ইয়াৰ পিছত তেওঁক নিলম্বন কৰা হয়। আন্দামান আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে দাবী কৰিছে যে তেওঁলোকে ঋষিৰ বিৰুদ্ধেও “অভিযোগৰ সত্যতাৰ প্ৰমাণ” পাইছে।