ASSAM TIMES POST
জিতেন বৰকটকী,নগাঁও: নগাঁও চহৰৰ নিকটৱৰ্তী মহমৰীয়াত এগৰাকীক বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাপ্ত খবৰ মতে, মহমৰীয়া গাঁৱৰ পাৰ্থজিৎ দাসৰ পত্নী কবিতা বৰদলৈয়ে বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত কালি নিশা অসুস্থ হৈ পৰে । এটি ছমহীয়া সন্তানৰ মাতৃ মহিলা গৰাকীক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশাই তেওঁৰ মৃত্যু ঘটে ।
আনহাতে আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মহিলাগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাচত স্বামী গৃহলৈ নিয়া হয়।ইপিনে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱে মিলি বিহ পান কৰাই তেওঁক হত্যা কৰা বুলি মৃত কবিতা বৰদলৈৰ পিতৃ পৰিয়ালৰলোকে অভিযোগ কৰে। মহিলাগৰাকীৰ মৃতদেহ স্বামী গৃহৰ চোতালত তিনি ঘণ্টাৰো অধিক সময় ৰাখি থোৱাৰ পিছতো স্বামী পৰিয়ালৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত একাংশ ক্ষুব্ধ লোকে স্বামী গৃহৰ চোতালত মৃতদেহৰ সৎকাৰৰ ব্যৱস্থা কৰে।
অৱশ্যে নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰে। ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত স্বামী পাৰ্থজিৎ দাস আৰু শাহু পোনেশ্বৰী দাসক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্হানীয় ৰাইজে । উল্লেখযোগ্য যে মৃত কবিতা বৰদলৈক দীৰ্ঘদিন ধৰি তেওঁৰ স্বামী আৰু শাহুৱে শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰি অহাৰ অভিযোগ তুলিছে স্হানীয় ৰাইজ তথা মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে।ইপিনে বৰ্তমানেও মাতৃদগ্ধ পান কৰা মহিলাগৰাকীৰ ছমহীয়া কণমানি সন্তানৰ দায়িত্ব এতিয়া কোনে গ্ৰহন কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। আজি মাতৃৰ নিথৰ দেহৰ কাষত ছমহীয়া কণমানিটিয়ে কান্দি থকা কৰুণ দৃশ্যই উপস্থিত সকলোৰে চকু সেমেকাই তোলে।