![]()
বৃহস্পতিবাৰে পঞ্জাবৰ ফৰিদকোটত ডেৰা সচা সৌদাৰ এজন সদস্যৰ হত্যাকাণ্ডই উত্তেজনাৰ সৃষ্টি কৰে। এই ঘটনাৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেৰা প্ৰধান গুৰমীত ৰাম ৰহিম সিঙৰ অনুগামীসকলে প্ৰতিবাদ আৰম্ভ কৰে।
এনে পৰিস্থিতিত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ফৰিদকোটৰ কোটকাপুৰাত স্থানীয় ডেৰা নেতা প্ৰদীপ সিং ওৰফে দোধিক ৫ জন অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে।
কিছুদিন পূৰ্বে প্ৰদীপৰ বিৰুদ্ধে স্থানীয় বুৰ্জ জৱাহৰ সিংৱালাৰ পৰা শিখসকলৰ পবিত্ৰ শাস্ত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৃহস্পতিবাৰে পুৱা যেতিয়া ব্যৱসায়ী প্ৰদীপে নিজৰ দোকান খুলিবলৈ ওলাইছিল, তেতিয়া পাঁচজন আক্ৰমণকাৰী আহি তেওঁক গুলীয়াই হত্যা কৰে। ঘটনাৰ বাবে অঞ্চলটোত উত্তেজনা বিয়পি পৰাত আৰক্ষী সক্ৰিয় হৈ পৰে।
মুখ্যমন্ত্ৰী মানে টুইটাৰত শান্তিৰ বাবে আবেদন জনাই লিখিছে, “পঞ্জাব এখন শান্তিপূৰ্ণ ৰাজ্য। ইয়াত মানুহৰ পাৰস্পৰিক ভাতৃত্ববোধ অতি শক্তিশালী। কাকো পঞ্জাবৰ শান্তি বিঘ্নিত কৰিবলৈ দিয়া নহʼব। ৰাজ্যত শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসন আৰু আৰক্ষী বিষয়াক কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে।”









