ASSAM TIMES POST
বোকাখাতঃ বিগত বছৰত অসমৰ আগশাৰীৰ এমেচাৰ নাট পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালনাৰে নাট্যকাৰ অমৰ শৰ্মাৰ ‘দ্যা আল্টিমেট বুমেৰাং’ একাংক নাটকৰ জড়িয়তে সমগ্ৰ অসমতে সফলতা লাভ কৰাৰ লগতে ‘আইনা, জীৱনৰ ৰংগমঞ্চ’ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ আৰু কেইবাটাও শিতানত শ্ৰেষ্ঠ পুৰস্কাৰেৰে নাট্যনগৰী বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনা ‘সাৰথি, বোকাখাত’-এ আৰম্ভ কৰিছে চলিত বছৰৰ অন্য এক সুন্দৰ ইনিংছ৷

কলিয়াবৰ কুঁৱৰীটোলত অনুষ্ঠিত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ নাট্যদলৰ সন্মান পাবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে বোকাখাতৰ নাট্যকৰ্মী আৰু বোকাখতীয়া ৰাইজ। নাট্যগোষ্ঠীৰ “পেণ্ডুলাম” নামৰ নতুন নাটকখনৰ বাবে শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰে বোকাখাতৰ নাট্যকাৰ অমৰ শৰ্মাই । আনহাতে দ্বিতীয় শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ৰোনাল্ড হুছেইনে। আনহাতে বিশ্বনাথ চাৰিআলিৰ সূৰ্য বৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত সাৰথি নাট্যগোষ্ঠীয়ে তৃতীয় শ্ৰেষ্ঠ নাট্য দল, নাট্যকাৰ অমৰ শৰ্মাই তৃতীয় শ্ৰেষ্ঠ নাট্যকাৰ আৰু ঋতুপণ চৌধুৰীয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।
পৰিচালক ৰোনাল্ড হুছেইনৰ পৰিচালনাত ‘পেণ্ডুলাম’ নাটকৰ পোহৰত ৰূপম শইকীয়া, বিতুপন কোঁৱৰ আৰু পল্লৱ নেওগ, সংগীতত ৰূপমজ্যোতি শইকীয়া, মঞ্চসজ্জাত ৰিপুঞ্জয় দত্ত, ৰূপম শইকীয়া, পল্লৱ নেওগ, লিটম শইকীয়া আৰু ৰূপসজ্জাত ঋতুপণ চৌধুৰীৰ। উল্লেখযোগ্য যে বিগত বহু কেইটা বৰ্ষত বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে সদৌ অসম একাংক নাট প্ৰতিযোগিতাত অংশ লৈ বোকাখাতলৈ পুৰষ্কাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সাৰথিৰ সাফল্যত সকলোৱে দলটিক অভিনন্দন জনাইছে।













