ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়:বহু বিৰ্তকৰ অন্তত দেশৰ সৰ্ব্বোচ্ছ ন্যায়লয়ে আজি অযোধ্যাৰ ঐতিহাসিক ৰায় প্ৰদান কৰাৰ পিছত দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ ডিব্ৰুগড়ৰ বাসগৃত আজি পুৱাৰে পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহন কৰা হয়। ডিব্ৰুগড় চহৰৰ কে চি গগৈ পথত থকা বাসগৃহত অদ্ধসামৰিক বাহিনী,অসম আৰক্ষী,ব্লেক পেন্ঠাৰ আদিয়ে মুখ্য ন্যায়ধীশৰ গৃহত পানী নহৰকা নিৰপত্তাৰ ব্যৱস্থা কৰে।গৃহৰ চৌপাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে চৌহদৰ ভিতৰতো পৰুৱা সোমাব নোৱাৰা নিৰপত্তাৰ ব্যৱস্থা কৰে।কোনো ব্যক্তিক বাসগৃহৰ সন্মুখত দীৰ্ঘ সময় ৰৈ থকা,পথাচাৰীক বা কোনো ব্যক্তিক ঘৰৰ ফটো সংগ্ৰহ কৰাতো বাধা আৰোপ কৰা হৈছে।
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কয় যে-ঐতিসাহিক ৰায় প্ৰদান কৰাৰ আগৰে পৰা জিলাখনত নিৰাপত্তা ব্যৱস্থা অতি কঠোৰ কৰি তোলা হৈছে।এই ব্যৱস্থা আৰু কিছুদিনলৈ জিলাখনত থাকিব।সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে।ইতিমধ্যে জিলাখনত ১৪৪ ধাৰা বলবৎ কৰাৰ পৰিপ্ৰক্ষিতত ন্যায়ধীশ গৰাকীৰ বাসগৃহৰ লগতে অনান্য স্থানত চাৰিগৰাকী লোকতকৈ অধিক লোকৰ সমাবেশ আৰু চচিয়েল মিডিয়াৰ পষ্টবোৰো নিৰিক্ষণ কৰা হৈছে।বৰ্তমানলৈ জিলাখনত আইন-শৃংখলা অটুত আছে বুলি আৰক্ষী অধীক্ষক বৰাই সদৰি কৰে।উল্লেখ্য যে কে চি গগৈ পথটো ন্যায়ধীশ ৰঞ্জন গগৈৰ স্বৰ্গীয় পিতৃ কেশব চন্দ্ৰ গগৈৰ নামেৰে নামাংকৃত কৰা হৈছে।প্ৰয়াত কেশব চন্দ্ৰ গগৈ ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা ১৯৮২ চনৰ ১৯ মাৰ্চলৈ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল।ইফালে ৮৫ বছৰীয়া মাতৃ শান্তী গগৈ এগৰাকী প্ৰতিস্থিত সমাজ সেৱিকাৰ লগতে দীৰ্ঘ বছৰ ধৰি “সেৱা” নামৰ এটা বেচৰকাৰী স্বেচ্চাসেৱী সংগঠন চলাই আহিছে।