ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ অপৰাধৰ যেন ৰম্যভূমি হৈ পৰিছে ডিব্ৰুগড়। সকলো অপৰাধেই যেন নিমিষতে কৰি হেলাৰঙে ঘূৰি ফুৰিব পাৰে অপৰাধী। যোৱা নিশা বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত ডিব্ৰুগড়ৰ বগীবিল আইথানত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সকলোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাইজান গগৈ(৩০) নামৰ এজন ব্যৱসায়ী যুৱকক এগৰাকী ব্যৱসায়ীৰ সতীৰ্থই সানি-খুচি হত্যা কৰে প্ৰমোদ গগৈ নামৰ এজন লোকে।
নিশাৰ ভাগত সুৰাপান কৰি থকাৰ পিছতে ধনৰ লেন-দেনক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। পিছত নিজৰ হিতাহিত জ্ঞান হেৰুৱাই ওচৰতে থকা এদাল ডাঙৰ লাঠিৰে ভাইজানৰ মুখমণ্ডলত আক্ৰমণ কৰে। পিছত সুৰাৰ ৰাগিত ঢলি পৰাত ইটাৰে মুখত মৰিয়াই মৰিয়াই হত্যা কৰে প্ৰমোদে। হত্যাকাৰী প্ৰমোদ গগৈ ওৰফে নেপালীয়ে ঘটনা সংঘটিত কৰি বৰবৰুৱা থানাত আত্মসমৰ্পণ কৰে। হত্যাকাৰী প্ৰমোদে টকা-পইছা লেনদেনৰ বাবেই উক্ত হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে। উল্লেখ্য যে কিছু দিনৰ পূৰ্ব্বে নিহত ভাইজান গগৈৰ পিতৃক বনৰীয়া মহৰ আক্ৰমণত মৃত্যুক আকোঁৱালি ল’ব লগা হৈছিল।













