ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতৰ বাবে ঐতিহাসিক দিন। বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম নিৰপেক্ষ দেশ হিচাপে ভাৰতে শনিবাৰে পুনৰ বাট দেখুৱালে পৃথিৱীবাসীক। বিশ্বৰ দেশে দেশে হিন্দু-মুছমানৰ সংঘাতৰ পৃষ্ঠাক একাষৰীয়া কৰি ৰাখি শনিবাৰে ভাৰতে সমিলমিলৰে অন্ত পেলালে বহু দশকজোৰা এক সংঘাতৰ। কাৰো ধৰ্মীয় অনুভূতিত আঘাত নহনাকৈ সৰ্বোচ্চ ন্যায়ালয়ে দিলে এই ৰায়। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন ৫ জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে বিবদমান ৰামজনমভূমি-বাবৰি মছজিদৰ গোচৰৰ ৰায় প্ৰদান কৰি কয় যে ৰামৰ জন্মভূমি অযোধ্যাৰ নিৰ্দিষ্ট স্থানডোখৰতে ৰাম মন্দিৰ নিৰ্মাণ হ’ব।
ঠিক সেইদৰে অযোধ্যাৰ গুৰুত্বপূৰ্ণ স্থানত ছুন্নী ৱাকফ ব’ৰ্ডক ৫ একৰ বিকল্প ভূমি প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে। ৭০ বছৰ পুৰণি এই ঘটনা সম্পৰ্কত বহু কেইখন আবেদন দাখিল কৰা সত্বেও উচ্চতম ন্যায়ালয়ে মূল আবেদনখনহে(ৰাম লাল্লা বিৰাজমানে কৰা) গ্ৰহণ কৰি বাকীসমূহক নাকচ কৰে। মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠৰ বাকী কেইজন ন্যায়াধীশ হৈছে শাৰদ অৰবিন্দ ববডে, ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড আৰু ন্যায়াধীশ এছএ নাজীৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অহা ৩ মাহৰ ভিতৰত ন্যাসৰক্ষী পৰিষদ গঠন কৰিব লাগিব।