মুম্বাইৰ এখন আদালতে যাত্ৰী সেৱাত গাফিলতি কৰাৰ বাবে এপ ভিত্তিক কেব কোম্পানী উবেৰক ২০ হাজাৰ টকাৰ জৰিমনা বিহিলে। উবেৰৰ গাফিলতিৰ ফলত প্ৰভাৱিত হোৱা মহিলা যাত্ৰীগৰাকীক এই ধন দিবলৈ নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে। উবেৰ গাড়ীখন দেৰি হোৱাৰ বাবে বিমানত উঠিব পৰা নাছিল মহিলাগৰাকী। ২০১৮ চনৰ এই কাণ্ডৰ গোচৰৰ ৰায় দিয়ে আদালতে।
উবেৰকে ধৰি বিভিন্ন এপ ভিত্তিক কেব কোম্পানীক লৈ বিগত সময়ছোৱাত যাত্ৰী সেৱাৰ নানা অভিযোগ উত্থাপন হৈছে। পেছাত অধিবক্তা, মুম্বাইৰ ডুম্বিভলীৰ বাসিন্দা কবিতা শৰ্মাৰো একেধৰণৰ অভিজ্ঞতা হৈছিল। তেওঁৰ বিমানখন আছিল ২০১৮ চনৰ ১২ জুন তাৰিখে সন্ধিয়া ৫.৫০ বজাত। তেওঁৰ ঘৰৰ পৰা ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ। ঠিক তেনেকৈয়ে তেওঁ ৩.৩০ বজাৰ ভিতৰত বিমানবন্দৰলৈ উবেৰ কেব এখন বুকিং কৰিলে।
কেব চালকৰ ১৪ মিনিট দেৰি হোৱা বুলি কবিতাই অভিযোগ কৰে। ইয়াৰ পিছত তেওঁক পোন পথ লʼবলৈ কোৱা হৈছিল যদিও তেওঁ নুশুনে আৰু এটা বেলেগ পথেৰে ভ্ৰমণ কৰিলে। পথত তেওঁ গাড়ীখনৰ বাবে ইন্ধন (চিএনজি) কিনিবলৈও ৰৈছিল। যাৰ বাবে কবিতাই বিমানখন ধৰিব নোৱাৰিলে। এই সকলোবোৰৰ মাজতো তেওঁৰ পৰা উক্ত দিনা ৭০৫ টকা ভাড়া লোৱা হৈছিল। যদিও বুকিং কৰাৰ সময়ত কেবৰ ভাড়া ৫৬৩ টকা দেখুওৱা হৈছিল!
ঘটনাৰ পিছতে মহিলা অধিবক্তাগৰাকীয়ে আদালতৰ কাষ চাপিছিল। ন্যায়াধীশগৰাকীয়ে তেওঁৰ ৰায়দানত কয় যে উবেৰে কবিতাক ২০ হাজাৰ টকা ক্ষতিপূৰণ হিচাপে দিব। ইয়াৰে ১০ হাজাৰ টকা গোচৰৰ খৰচ আৰু বাকী ১০ হাজাৰ টকা কবিতাৰ মানসিক চাপ বৃদ্ধিৰ বাবে।