মধ্যপ্ৰদেশৰ ৰেৱাত এখন যাত্ৰীবাহী বাছ আৰু এখন মালবাহী ট্ৰলীৰ মাজত মুখামুখী সংঘৰ্ষত ১৪ জন লোকৰ মৃত্যু হয়। এই ঘটনাত আহত হয় আন ৪০ জন যাত্ৰী। প্ৰশাসনৰ সূত্ৰ অনুসৰি, আহত একাংশৰ অৱস্থা গুৰুতৰ। ফলত মৃতকৰ তালিকাখন দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ২০ জন গুৰুতৰভাৱে আহত। বাকী কেইজন স্থানীয় তৌনথোৰ ব্লক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হায়দৰাবাদৰ তেলেংগানাৰ পৰা উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ যোৱা দীৰ্ঘ দূৰত্বৰ বাছখনত কমেও ৬০ জন যাত্ৰী আছিল।
উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী ৰেৱা জিলাৰ সোহাগী পাহাৰী গাঁৱৰ সমীপত শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত বাছখনে মালবাহী ট্ৰলীখনত খুন্দা মাৰে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আউটপোষ্টৰ আৰক্ষী আৰু গাঁওবাসীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।