ASSAM TIMES POST
নতুন দিল্লীঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বৰ্ধিত প্ৰদূষণৰ কাৰকসমূহ অহা ১৩ নৱেম্বৰৰ ভিতৰত নিৰ্মূল কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক শুকুৰবাৰে কাঢ়া নিৰ্দেশনা প্ৰদান কৰিছে দিল্লীৰ মুখ্য সচিব বিজয় কুমাৰ দেবে। সেই অনুসৰি, নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে এই বিভাগসমূহে বায়ু প্ৰদূষণত বৰঙণি যোগোৱা কাৰকসমূহ চিনাক্ত কৰি বন্ধ কৰিব লাগিব।
শেহতীয়াভাৱে, সৰ্বোচ্চ ন্যায়ালয়ে বিভিন্ন বিভাগক মুকলিত আৱৰ্জনা পেলোৱা আৰু জ্বলোৱা বন্ধ কৰিবলৈ, ধূলিময় ৰাস্তাবোৰ পকী কৰা, উদ্যোগসমূহ বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰাতে মুখ্য সচিবগৰাকীয়ে উক্ত জাননী জাৰি কৰে। সৰ্বোচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া সমিতিৰে আলোচনা মৰ্মে মুখ্য সচিবজনে ইতিমধ্যে দিল্লী উন্নয়ন প্ৰাধিকৰণ, গড়কাপ্তানি বিভাগ, দিল্লী ৰাজ্যিক উদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণ, দিল্লী জল ব’ৰ্ড, নতুন দিল্লী পৌৰ সভা আৰু জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগক পথৰ কাষৰপৰা আৱৰ্জনা, নলা আৰু যমুনা নদী পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবপৰা গৈছে।











