ASSAM TIMES POST
গুৱাহাটীঃ অহা ১০ নৱেম্বৰত গুৱাহাটীলৈ আহিব দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিতব্য এখনি গ্ৰন্থ উন্মোচনী সভাত তেওঁ ভাগ ল’ব। একেটা অনুষ্ঠানতে উপস্থিত থাকিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ অৰবিন্দ ববডেও। জানিবপৰামতে, সেইদিনা মুখ্য ন্যায়াধীশগৰাকীয়ে ‘Courts of India: Past to Present’ শীৰ্ষক গ্ৰন্থখনিৰ অসমীয়া অনুবাদ ‘ভাৰতবৰ্ষৰ আদালতসমূহঃ অতীতৰ পৰা বৰ্তমানলৈ’ উন্মোচন কৰিব। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিব। সেইদিনা সন্ধিয়া ৫.৩০ বজাৰপৰা অনুষ্ঠানটি আৰম্ভ হ’ব।











