![]()
এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীপাৱলী উপহাৰ! পোহৰৰ উৎসৱৰ প্ৰাকক্ষণত প্রতিশ্রুতি অনুসৰি ১০ লাখ চাকৰি প্রদানৰ বাবে ‘ৰোজগাৰ মেলা’ আৰম্ভ কৰিবলৈ ওলাইছে প্রধানমন্ত্রীয়ে৷ হিমাচল প্ৰদেশ আৰু গুজৰাটত নিৰ্বাচনৰ দিন সমাগত।
ডেৰ বছৰ পিছত লোকসভা নিৰ্বাচন। তাৰ আগতে নিয়োগক লৈ মোদীৰ এই পদক্ষেপে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এক সুকীয়া তাৎপৰ্য্য লাভ কৰিছে। অন্ততঃ বিৰোধীৰ দৃষ্টিত সেইটোৱেই ইংগিত।
জানিব পৰা গৈছে যে শনিবাৰৰ পৰা আৰম্ভ হʼব এই নিযুক্তি অভিযান। য’ত ৭৫ হাজাৰৰো অধিক মনোনীত প্ৰাৰ্থীক দিয়া হ’ব চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ। নতুন কৰ্মচাৰীসকলকো সম্বোধন কৰিব মোদীয়ে। এই কথা প্রধানমন্ত্রীৰ কার্যালয়ে প্রকাশ কৰে৷ এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়, “দেশৰ যুৱক-যুৱতীসকলক চাকৰি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ।”
উল্লেখ্য, চলিত বৰ্ষৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে নিযুক্তিৰ লক্ষ্য ঘোষণা কৰিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ডেৰ বছৰৰ ভিতৰত ১০ লাখ নিয়োগ কৰাৰ লক্ষ্য আছিল মোদীৰ। সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবেই এই ৰোজগাৰ মেলাৰ পদক্ষেপ।
প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোদীয়ে ক্ষমতালৈ আহিলে বছৰি ২ কোটি চাকৰি সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ বাবে বিৰোধী শিবিৰে কৰ্মসংস্থাপন সন্দৰ্ভত মোদী চৰকাৰক বাৰে বাৰে লক্ষ্য কৰি আহিছে। ৰাহুলকে ধৰি বিৰোধী নেতাসকলে ইয়াৰ পূৰ্বে নিয়োগক লৈ কেন্দ্ৰক লক্ষ্য কৰি লৈছিল। নিবনুৱাৰ হাৰক লৈ মোদী চৰকাৰক সমালোচনা আৰম্ভ কৰিছে।
আগন্তুক গুজৰাট, হিমাচলৰ নিৰ্বাচন। ডেৰ বছৰ পিছত লোকসভা নিৰ্বাচন । ২০২৪ চনৰ পূর্বে নিয়োগেৰে নিজৰ ভাবমূর্তি উজ্জ্বল কৰি তুলিবলৈ মোদী চৰকাৰে ‘ৰোজগাৰ মেলা’ অনুষ্ঠিত কৰাৰ উদ্যোগ লৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে৷










