ASSAM TIMES POST
গুৱাহাটীঃ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ উৰিষ্যাৰ সম্বলপুৰস্থিত বাসগৃহ সাধনা কুটীৰ ২০২০ চনৰ ২৬ মাৰ্চত মুকলি কৰা যাব। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়াই উক্ত স্থান পৰিদৰ্শন কালতে এই কথা সদৰী কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ আহ্বায়ক দীপক পাণ্ডাই। উদ্বোধনৰ দিনাই ইয়াত এখনি সাহিত্য বৈঠকো অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
প্ৰীতম শইকীয়াই বাসগৃহটো পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি অভিযন্তাসকলৰ সৈতে আলোচনা কৰি ইয়াৰ বাজেট বৃদ্ধি হোৱাৰ অনুমান কৰে। তেওঁ বাসগৃহটো পুনৰ নিৰ্মাণৰ কামৰ লগতে স্মৃতি সংৰক্ষণৰ কাম-কাজসমূহো প্ৰত্যক্ষ কৰে। তেওঁ উৰিষ্যাৰ স্থানীয় সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, বেজবৰুৱাৰ বাসগৃহ পুনৰ নিৰ্মাণৰ কাৰণে উৰিষ্যা চৰকাৰে ৫০ লাখ টকা আগবঢ়োৱাৰ বাবে অসম চৰকাৰ তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব। অসম চৰকাৰেও ইয়াৰ অৰ্থে ৫০ লাখ টকা মোকলাই দিছে। তেওঁ আৰু কয় যে প্ৰয়োজনত আৰু পুঁজি মোকলাই দিবলৈ অসম চৰকাৰ সাজু হৈ আছে। তদুপৰি, বেজবৰুৱাৰ স্মৃতি সংগ্ৰহালয়, পুথিভড়াল, অনুষ্ঠান গৃহ নিৰ্মাণ কৰিবলৈয়ো অসম চৰকাৰে কৰ্পাছ পুঁজি আগবঢ়াব বুলি শইকীয়াই কয়। শইকীয়াৰ ভ্ৰমণকালত তেওঁক সংগ দান কৰে স্মৃতি ৰক্ষা সমিতিৰ আহ্বায়ক পাণ্ডা, সদস্যসকল, পৰ্যটক বিষয়া হেমন্ত প্ৰধান আদিয়ে।













