ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ ইজিপ্তক সমৰ্থন আগবঢ়াইছে ভাৰতে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই অঞ্চলত শান্তি বজাই ৰখাৰ বাবে দুয়োখন দেশে যৌথভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি ইংগিত দিছে।
উল্লেখ্য, তেওঁ প্ৰথমবাৰৰ বাবে দুদিনীয়া ইজিপ্ত ভ্ৰমণলৈ গৈছে। বৈদেশিক মন্ত্ৰী ছামেহ সৌখৰীৰ সৈতে হোৱা এক বৈঠকত জয়শংকৰে কেইবাটাও বিষয়ত আলোচনা কৰে। তাৰ পিছত তেওঁ এই সন্দৰ্ভত টুইট কৰে। তাত তেওঁ লিখিছে, “এই উপমহাদেশৰ বিকাশৰ বিষয়ে বিস্তৃত আলোচনা হয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত মত বিনিময় কৰা হয়।”
জয়শংকৰৰ এই টুইটটো অতি তাৎপৰ্যপূৰ্ণ বুলি দাবী কৰিছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞসকলে। কাৰণ চীনে ইতিমধ্যে আফ্ৰিকাত নৌসেনাৰ ঘাটি নিৰ্মাণ কৰিছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে বেইজিঙে ইজিপ্তৰ ওপৰত সাগৰীয় বাণিজ্যৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিছে। এনে অৱস্থাত তেওঁলোকে দাবী কৰিছিল যে ইজিপ্তে ভাৰতৰ সৈতে হাত মিলাই প্ৰতিশোধ লʼবলৈ আগবাঢ়ি আহিছে।
এই বৈঠকত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উপৰি ইউক্ৰেইন যুদ্ধৰ বিষয়েও আলোচনা কৰা বুলি বৈদেশিক মন্ত্ৰী জয়শংকৰে কয়। এটা টুইটত তেওঁ লিখিছে, “দুটা মেৰুত বিভক্ত এখন পৃথিৱীক এতিয়া মুক্ত চিন্তাৰ প্ৰয়োজন।” তেওঁ কয় যে ভাৰত আৰু ইজিপ্তে জি-২০ বা ব্ৰিকছৰ দৰে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেলগে কাম কৰি আছে।
আনহাতে, ইজিপ্তৰ বৈদেশিক মন্ত্ৰীয়েও জয়শংকৰৰ কথাক প্ৰশংসা কৰে। উল্লেখ্য, বিগত শতিকাৰ শীতল যুদ্ধৰ সময়ত ইজিপ্তৰ সৈতে ভাৰতে অসংলগ্ন আন্দোলন আৰম্ভ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে প্ৰথমবাৰৰ বাবে ইজিপ্ত ভ্ৰমণ কৰাৰ সময়তো এই বিষয়টো উত্থাপন কৰে। মন কৰিবলগীয়া যে ২০২২ চনত দুয়োখন দেশৰ ৭৫ বছৰৰ কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণ হয়।
দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ ই ছিছিৰ লগত সাক্ষাৎ কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শঙ্কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা এখন ব্যক্তিগত পত্ৰ ইজিপ্তৰ ৰাষ্ট্ৰপতিক অৰ্পণ কৰে। পৰৱৰ্তী সময়ত জয়শংকৰে ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত তেওঁ ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীৰ আতিথ্যৰ কথা উল্লেখ কৰি টুইট কৰে।
দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাজধানী কাইৰোৰ আল হোৰিয়া পাৰ্কলৈ যায় জয়শংকৰ। তাতে তেওঁ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২০১৯ চনত মহাত্মা গান্ধীৰ জন্ম শতবাৰ্ষিকীত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। বৰ্তমান ইজিপ্তত প্ৰায় ৩ লাখ ৫০ হাজাৰ ভাৰতীয় বাস কৰে। ইয়াৰে অধিকাংশই কাইৰোৰ বাসিন্দা। আলেকজেণ্ড্ৰিয়া, পোৰ্ট ছাইদ আৰু ইছমাইলিয়াতো বহু ভাৰতীয় বাস কৰে।