সমাগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ এখনি কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। জিলা প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত টেৰণ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ডেনিয়েলচন বেই।
দীৰ্ঘ আলোচনাৰ অন্তত সমাগত ৰাষ্ট্ৰীয় প্ৰেছ দিবসটি উদযাপন কৰিবলৈ আজিৰ কাৰ্যনিৰ্বাহকে কেইবাটাও উপ সমিতি গঠন কৰি দিয়ে। ইয়াৰোপৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পৱিত্ৰ ক্ষণত মেডিয়া এৱাৰ্ড প্ৰদান কৰিবলৈও অভিজ্ঞ আৰু জ্যেষ্ঠ সাংবাদিকৰে গঠিত এখন শক্তিশালী উপসমিতি গঠন কৰি দিয়ে ।