ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

 নগাঁও আদালতৰ ৰায়দান : তিনি হত্যাকাৰীক যাবজ্জীৱন কাৰাদণ্ড

ASSAM TIMES POST by ASSAM TIMES POST
November 7, 2019
Reading Time: 1 min read
A A
0
 নগাঁও আদালতৰ ৰায়দান : তিনি হত্যাকাৰীক যাবজ্জীৱন কাৰাদণ্ড

RELATED POSTS

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

logo atp | ASSAM TIMES POSTASSAM TIMES POST

নগাঁও : এক হত্যাৰ গোচৰত অভিযুক্ত তিনি অপৰাধীক আজি নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ(৩ নং) ৰৌশন আৰা ৰহমানৰ আদালতে যাৱজ্জীৱন কৰাদণ্ডৰে দণ্ডিত কৰিছে। গোচৰটোৰ চৰকাৰী জ্যেষ্ঠ অধিবক্তা বিভা ফুকনে জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা উৰিয়া বস্তিৰ জগন্নাথ পাত্ৰ,(৩৫) সঞ্জু দেউৰী(২৫) আৰু মেঘনাথ পাত্ৰক(২৬) এক হত্যাৰ গোচৰত অভিযুক্ত কৰি উল্লেখিত আদালতে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২/৩৪ ধাৰা অনুসৰি দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্ৰত্যেককে ১০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা আদায় দিব নোৱাৰিলে লোক তিনিজনে অতিৰিক্ত ছয় মাহৰ জেল খাটিবলগীয়া হ’ব। উল্লেখ্য যে, বিগত ২০১৮ বৰ্ষৰ ২৬ জানুৱাৰীৰ নিশা অভিযুক্ত লোক তিনিজনে স্থানীয় শালনা জটিয়া পথাৰ গাঁৱৰ মেধাসম্পন্ন উচ্চ শিক্ষিত তথা কাৰ্বিআংলং জিলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক কৰ্নেশ্বৰ গঞ্জুক নিৰ্মম ভাবে প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰিছিল। পিছত সেই বৰ্ষৰ ২ ফেব্ৰুৱাৰীত শিক্ষকজনৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। লক্ষনীয় বিষয় এই যে ভুক্তভোগী কৰ্নেশ্বৰ গঞ্জুৰ প্ৰেয়সীক অভিযুক্ত সকলৰ ভিতৰত সঞ্জু দেউৰীয়ে প্ৰেমৰ প্ৰস্তাৱ দিয়াত তেওঁ সেই প্ৰস্তাব নাকচ কৰিছিল। যাৰ বাবে ক্ষুব্ধ সঞ্জু দেউৰীয়ে প্ৰেমিক কৰ্নেশ্বৰ গঞ্জুক জগন্নাথ পাত্ৰ আৰু মেঘনাথ পাত্ৰৰ লগত মিলি অতি নিৰ্মম ভাবে প্ৰহাৰ কৰাত তেওঁৰ মৃত্যু ঘটে । তেতিয়াই ঘটনা সন্দৰ্ভত ভুক্তভোগী কৰ্নেশ্বৰৰ শিক্ষক পিতৃ সাতাৱন গঞ্জুয়ে স্থানীয় চামগুৰি আৰক্ষী থানাত এক গোচৰ তৰে। পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৫৭/১৮ নম্বৰত গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে তদন্তকাৰী আৰক্ষী বিষয়া বিজু কিংকৰ বসুমতাৰীয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰি সংশ্লিষ্ট আদালতত চাৰ্জ শ্বীট দাখিল কৰে। অতি কম দিনৰ ভিতৰত আৰক্ষী বিষয়া গৰাকীয়ে আদালতত অভিযোগ নামা দাখিল কৰাৰ বাবে দুবছৰ নৌযাঁওতেই অপৰাধীক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি দিবলৈ সক্ষম হল বুলি মন্তব্য কৰিছে গোচৰটোৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা বিভা ফুকনে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share4Tweet3Send

Related Posts

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

by News Desk
August 26, 2026
50
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

by News Desk
August 26, 2026
50
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d